/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b79cc293-a80e-49f3-83e4-1c7b99553dec/beb04828_a043_4fb4_a4da_221d8e28ab17.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ অসম লেখিকা সমাজৰ উদ্যোগত তথা দৰং জিলা লেখিকা সমাজৰ সহযোগত দেওবাৰে মঙলদৈত কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক মাতৃ দিৱস পালন কৰা হয়। মঙলদৈ নাট্য মন্দিৰত দিনজোৰাকৈ পালন কৰা এই দিৱসৰ পুৱা ৯-০০বজাত কণ্ঠশিল্পী মৃনালিনী দেৱী শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4c6619bd-83ec-4458-95be-e2ad75ae1ceb/81bbe3fb_1a72_49dd_a1fc_ba72d23651c0.jpg)
এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক মহিলাই অংশগ্ৰহণ কৰি গীত, কবিতা পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত দুপৰীয়া অনুষ্ঠিত মুকলি সভাত ভালেকেইগৰাকী লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f82c3940-adde-4287-a843-ec6507d36d0b/bbdc25f8_5733_4645_8f14_93ee620b36b9.jpg)
ইয়াৰ ভিতৰত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, মঙলদৈ পৌৰ সভাৰ পৌৰপতি নির্মালী দেৱী শৰ্মা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, অসম লেখিকা সংস্থাৰ বিষয়ববীয়া, জিলা লেখিকা সংস্থাৰ বিষয়ববীয়া তথা শতাধিক ৰাইজ উপস্থিত থাকে। উক্ত অনুষ্ঠানত বিশিষ্ট নৃত্য শিল্পী ভানু ডেকা চহৰীয়াক গান্ধাৰী গগৈ সোঁৱৰণী সফল মাতৃ বঁটা, প্ৰেৰণাময়ী মাতৃ বঁটা কিৰণ শইকীয়া বৰা, অমিয়া দত্ত, নিকু কটকী, ডাঃ মালবিকা ৰয় প্ৰদান কৰা হয়।
Also Read: পুনৰ পৰাস্ত ৰাজস্থান ৰয়েলছ : নিম্ন স্ক'ৰীয় মেচত চেন্নাইৰ জয়লাভ