/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/cgf929hg/football 10.jpg)
স্বাধীনতা সংগ্ৰামী জগৰু গোঁড় স্মাৰক ফুটবল প্ৰতিযোগিতা আৰম্ভ...
ডিজিটেল সংবাদ মঙলদৈঃ আধুনিক ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত ওদালগুৰি জিলাৰ ভুটিয়াচাং চাহ বাগিছাত অনুষ্ঠিত তৃতীয় বাৰ্ষিক জগৰু গোঁড় সোঁৱৰণি ফুটবল প্ৰতিযোগিতা শনিবাৰৰপৰা আৰম্ভ হৈছে। আজি অনুষ্ঠিত উদ্বোধনী খেলত শুৱলা চাহ বাগিছাই জয়লাভ কৰে। খেলখনত শুৱলা চাহ বাগিছাই ধনশ্ৰী চাহ বাগিছাক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/un9tglf0/dd248123-64a4-48dc-9bb5-fe3960cda685.jpg)
মেক লিয়াড ৰাছেল ইণ্ডিয়া লিমিটেডৰ মেনেজাৰ ৰাজ কমল ফুকনে উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত এছ এছ বিৰ উপ-পৰিদৰ্শক জীতেন্দ্ৰ মিনা, প্ৰবিণ কুমাৰ, ভূটিয়াচাং চাহ বাগিছাৰ পৰিচালক ৰাজদীপ বুঢ়াগোঁহাই, পানেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷ উক্ত উদ্বোধনী অনুষ্ঠানত আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ দীনেশ কুমাৰ চৌহানে বক্তব্যত উল্লেখ কৰে যে এনে ধৰণৰ ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে চাহ বাগিছাৰ যুৱকসকল খেলৰ প্ৰতি আকৰ্ষিত হ'ব আৰু যুৱকসকল খেলিবলৈ আগুৱাই আহিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/9kc7plxg/e777a735-37c1-48af-b516-594983f1a8a5.jpg)
উক্ত খেলৰ শুভ আৰম্ভণিৰ পতাকা উত্তোলন কৰে সদৌ অসম গোঁৰ সমাজৰ কেন্দ্ৰীয় সভাপতি ৰামকৰণ গোঁৰে। উদ্বোধনী অনুষ্ঠানত আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ জৰিয়তে শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, বাক্সা আৰু নগাঁও জিলাৰ ১৪৫ জনৰো অধিক ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত উদ্বোধনী অনুষ্ঠানত পাঁচ হাজাৰৰো অধিক ৰাইজ উপস্থিত থাকে।
Also Read: অসম এৰি পলাল YBY ৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন NDFB নেতা অনিৰাম বড়ো...