মঙলদৈত সোণ চুৰি কাণ্ডৰে জড়িত ৪জনক আটক

মঙলদৈত সোণ চুৰি কাণ্ডৰে জড়িত ৪জনক আটক

ডিজিটেল সংবাদ,‌মঙলদৈ : সোণেৰে ভৰি পৰিল মঙলদৈ আৰক্ষী চকী। উদ্ধাৰ কৰা হ'ল বৃহৎ পৰিমাণৰ চুৰি সোণ। মঙলদৈ নিকটৱৰ্তী সৰু আৰেঙৰ থানুৰাম দাসৰ ঘৰত কিছুদিন পুৰ্বে চুৰি হৈছিল সোণ।

তেওঁৰ এজাহাৰৰ ভিত্তিতেই মঙলদৈ আৰক্ষীয়ে আটক কৰে ৪জনকৈ চোৰক। এই চোৰ কেইজনৰ ভিতৰত দৰঙৰ সোণ চোৰ জয়নাল আৰু কানাই চৌহানক আটক কৰে আৰক্ষীয়ে। জানিব পৰামতে জয়নাল আৰু কানাইয়ে প্ৰায় ১৪ তোলা সোণ চুৰি কৰি খাৰুপেটিয়াৰ ইন্দ্ৰানী জুয়েলাৰ্চত বিক্ৰী কৰিছিল।

সেই সূত্ৰে ইন্দ্ৰানী জুয়েলাৰ্চৰ স্বত্বাধিকাৰী বিষ্ণু সূত্ৰধাৰক আটক কৰে মঙলদৈ আৰক্ষীয়ে। আনহাতে জুয়েলাৰ্চৰ লগত জড়িত শিৱানী কৰ্মকাৰকো আটক কৰে।

মঙলদৈত সোণ চুৰি কাণ্ডৰে জড়িত ৪জনক আটক
শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত সাঁচিপতীয়া পুথিৰ ডিজিটেল প্ৰতিচ্ছবিৰ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in