দৰংৰ কোটি টকীয়া কেলেংকাৰী বিতৰ্কঃ জিলা আয়ুক্তই গঠন কৰিলে তদন্ত কমিটী...

দৰংৰ কোটি টকীয়া কেলেংকাৰী বিতৰ্কঃ জিলা আয়ুক্তই গঠন কৰিলে তদন্ত কমিটী...

author-image
Asomiya Pratidin
New Update
দৰংৰ কোটি টকীয়া কেলেংকাৰী বিতৰ্কঃ জিলা আয়ুক্তই গঠন কৰিলে তদন্ত কমিটী...

দৰংৰ কোটি টকীয়া কেলেংকাৰী বিতৰ্কঃ জিলা আয়ুক্তই গঠন কৰিলে তদন্ত কমিটী...

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ আয়ুক্ত কাৰ্যালয়ৰ কোটি টকীয়া কেলেংকাৰী ঘটনাত জাতীয় দল সংগঠন, ৰাজনৈতিক দল, মঙলদৈৰ সচেতন নাগৰিকৰ সবল দাবীত দৰঙ আয়ুক্তই বৃহৎ ঘোষণা কৰিছে। এই কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰিছে ৫ জনীয়া এখন কমিটী। এই কমিটীয়ে পোন্ধৰ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

Advertisment

উল্লেখ্য যে, এপষেক আগতে এই কেলেংকাৰীৰ তদন্তৰ বাবে এগৰাকী অতিৰিক্ত আয়ুক্তক তদন্তৰ দায়িত্ব দিয়া হৈছিল। কিন্তু এই তদন্ত প্ৰক্ৰিয়াত পক্ষপাতিত্ব হোৱাৰ আশংকাত দৰঙৰ আয়ুক্তই ৫ জনীয়া কমিটীক তদন্তৰ দায়িত্ব প্ৰদান কৰিছে। জিলা আয়ুক্তগৰাকীয়ে এই কেলেংকাৰীৰ তথ্য সত্য প্ৰমাণিত হলে আইন মতে ল'বলগীয়া ব্যৱস্থা লোৱা হ'ব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰিছে।

উল্লেখযোগ্য যে, হিতেশ্বৰ ডেকাই আৰ টি আইৰ জৰিয়তে এই কেলেংকাৰীৰ তথ্য উন্মোচন কৰিছিল। এই সন্দৰ্ভত তেওঁ ১৪ ছেপ্টেম্বৰত সংবাদ মেল সম্বোধন কৰি বিতৰ্কিত ঠিকাদাৰ নিবাৰণ বৰাই সংঘটিত কৰি অহা কেলেংকাৰী সন্দৰ্ভত প্ৰকাশ কৰিছিল। তাৰ পাছৰ পৰাই ধাৰাবাহিক ভাৱে নিবাৰণ বৰাৰ বিৰুদ্ধে কেলংকাৰীৰ বাতৰি প্ৰকাশ পাই আহিছিল।

Also Read: টাইম নাই !

দুৰ্নীতি