/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/111be2df-2ccc-4747-8dfe-6edfaa90240d/oi.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে প্ৰায় ৩০ জন লোক। মঙলদৈৰ নিকটৱৰ্তী জলজলী কুমাৰপাৰা গাঁৱৰ পবিত্ৰ কুমাৰৰ ঘৰত বুধবাৰে নিশা অনুষ্ঠিত হৈছিল সত্যনাৰায়ন পূজা। এই সত্যনাৰায়ন পূজাৰ মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ পিছতেই খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে লোকসকল।
বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ পিছতেই লোকসকলৰ মাজত বমি, পেটৰ বিষ, মুৰ ঘূৰণী আদি বিভিন্ন শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে। ইয়াৰ লগে লগেই লোকসকলক নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্য়কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
বৰ্তমান জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিষক্ৰিয়াত আক্ৰান্ত লোকসকল চিকিৎসাধীন হৈ আছে ।
বিষক্ৰিয়াত আক্ৰান্ত বেছি সংখ্যক লোকেই ১৮ বছৰৰ তলৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে বিষয়টো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।