
ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙটো সক্ৰিয় দুই নম্বৰী সোণৰ ব্যৱসায়ী। এইবাৰ আৰক্ষীৰ হাতত লাগিল নকল সোণৰ ব্যৱসায়ী।
ছয় লাখ টকাৰ বিনিময়ত সোণৰ ঠাইত পালে মাটিৰ চপৰা আৰু শিলগুটি। কেৱল ইমানেই নহয়, দৰঙৰ মঙলদৈ সদৰ থানাৰ আৰক্ষীৰ হাতত ধৰা পৰিল ব্যৱসায়ী আৰু সোণ কিনিবলৈ অহা তিনিজন লোক।
সোণ ব্যৱসায়ৰ সৈতে জড়িত তিনিওজনকে দেওবাৰে আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে । ঘটনা অনুসৰি দুমুনিচকী বাহগড়াৰ ময়দুল ইছলাম আৰু ইনতাজুল হক নামৰ লোক দুজনৰ পৰা লালপুলৰ হাইদৰ আলিয়ে আগধন হিচাপে লৈছিল প্ৰায় ৬ লাখ টকা।
হাইদৰে সোণখিনি নিবলৈ মাতিছিল ময়দুল আৰু ইনতাজুলক। হাইদৰে নিশাৰ এন্ধাৰত মাটিৰ তলৰ পৰা খান্দি সোণৰ টোপোলা এটা বেগৰ ভৰাই দিয়ে আৰু ঘৰত গৈ খুলিব কয়।
সেই মতে ব্যৱসায়ী কেইজনে লালপুলৰ পৰা দুমুনিচকী বাহগড়ালৈ সোণৰ টোপোলা লৈ আহি থকা অৱস্থাত মঙলদৈ আৰক্ষীয়ে কৰায়ত্ব কৰে।
মঙলদৈ সদৰ থানাত সোনৰ টোপোলা খুলি দেখা পাই সেয়া সোণ নহয়, মাটিৰ চপৰা আৰু শিলগুটিহে। তেতিয়াই পোহৰলৈ আহিল সমগ্ৰ ঘটনা।
নকল সোনৰ ব্যৱসায়ৰ লগত জড়িত কৰিম আলিক আৰক্ষীয়ে আটক কৰে যদিও মাষ্টাৰ মাইণ্ড হাইদৰ আলি পলাতক অৱস্থাত আছে।