দৰং জিলাত ড্ৰাই- ডে' ঘোষণা

দৰং জিলাত ড্ৰাই- ডে' ঘোষণা

ডিজিটেল সংবাদ, দৰংঃ দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এক নিৰ্দেশযোগে সমগ্ৰ জিলাত প্ৰযোজ্য হোৱাকৈ মঙ্গলবাৰে অৰ্থাৎ ২৪ অক্টোবৰত দূৰ্গা পূজাৰ বিজয়া দশমী উপলক্ষে 'ড্ৰাই ডে' ঘোষণা কৰে।

'ড্ৰাই ডে' ঘোষিত কালছোৱাত জিলাখনৰ বিদেশী তথা দেশীয় সুৰাৰ পাইকাৰী কিম্বা খুচুৰা বিক্ৰী কেন্দ্ৰ, দোকান সমূহ বন্ধ থাকিব। তদুপৰি উক্ত দিনটোত যিকোনো ধৰণৰ সুৰা তথা নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, সেৱন, মজুতকৰণ, বিতৰণ, সৰবৰাহ আদিও সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

দৰং জিলাত ড্ৰাই- ডে' ঘোষণা
ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in