ডিজিটেল সংবাদ, মঙলদৈঃ সমষ্টি পুনৰ নিৰ্ধাৰণত লোকসভা সমষ্টিৰ নাম সলনিক লৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাবে দৰং জিলাতো গণ বিক্ষোভ কাৰ্যসূচী। অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱিত 'দৰং লোকসভা' সমষ্টিৰ নাম সলনি কৰি 'ভৈৰৱকুণ্ড' কৰাৰ প্ৰতিবাদত বুধবাৰে মঙলদৈত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে দৰঙাবাসীৰ লগতে কেইবাটাও দল-সংগঠনে।
জিলা পুথিভঁৰালৰ সন্মুখত অনুষ্ঠিত হয় এই বিক্ষোভ কাৰ্যসূচী। দৰং জিলাৰ বহু লোকে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় সকলো দল-সংগঠনৰ বিষয়ববীয়াই এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীত উপস্থিতসকলে স্পষ্টকৈ জনায় যে, প্ৰস্তাৱিত লোকসভা সমষ্টি 'দৰঙ'ৰ পৰিৱৰ্তে 'ভৈৰৱকুণ্ড' কৰিবলৈ নিদিয়ে দৰঙী ৰাইজে।
অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈয়ো জংগী আন্দোলনৰ হুংকাৰ দিয়ে বিক্ষোভকাৰীসকলে। উল্লেখ্য বিক্ষোভ কাৰ্যসূচীৰ পিছত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ, মুখ্যমন্ত্ৰী তথা মুখ্য সচিবলৈ দৰঙৰ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তাৎপৰ্যপূৰ্ণ যে, গণবিক্ষোভত শাসকীয় দলৰ এজনো ব্যক্তি উপস্থিত নাথকে। যাক লৈ অসন্তুষ্ট দৰঙী ৰাইজ।