/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e3e30c4d-4192-420d-89f6-5df74749c24f/3.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাত সাম্প্ৰতিক বানে কেইবাখনো গাঁও প্লাবিত কৰিছে। জিলাখনত বৃহস্পতিবাৰ লৈকে মঙলদৈ, পূব মঙলদৈ, দলগাওঁ আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১১১ খন গাওঁ বানৰ কবলত পৰিছে এই বানত ১,৯০,২৬১ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। উক্ত ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত ১৭১৭ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। তদুপৰি এই বানত ১৫৬৮৫ টা পশুধন বানৰ কবলত পৰিছে।
ইতিমধ্যে মঙলদৈ ৰাজহ চক্ৰত ১০টা আৰু ছিপাঝাৰ ৰাজহ চক্ৰত এটা প্ৰশাসনৰ দ্বাৰা স্থাপিত সাহাৰ্য কেন্দ্ৰত বানাক্ৰান্ত লোকক সাহাৰ্য প্ৰদান কৰি থকা হৈছে। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে সংশ্লিষ্ট বিভাগসমূহক কয় যে বানাক্ৰান্তৰ প্ৰতি ৰচদ-পাতি, ঔষধ, পশুধনৰ বাবে খাদ্য আদি যোগান অব্যাহত ৰাখিব লাগিব।
শেহতীয়া বানৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবৰ কাৰণে তেওঁ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে বান পৰিস্থিতিৰ ওপৰত অহৰহ চোকা দৃষ্টি ৰাখিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us