/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0449b617-fe63-4c8a-9b61-103dcdc07d5f/4.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: ম'বাইল ফোন হৈছে গ্ৰেণেডৰ দৰে। এটা গ্ৰেণেডৰ মুখত থকা পিনটোৰ সংযোগ বিচ্ছিন্ন কৰি মূহুৰ্ততে বিস্ফোৰণ ঘটাই ধ্বংস কৰিব পাৰে। সেইদৰে ম'বাইল ফোনৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত যদি মন দিয়া নাযায় তেতিয়া শতকৰা ৯৯ভাগেই ভুল পথে পৰিচালিত কৰিব পাৰে। এই মন্তব্য জৱাহৰ নৱোদয় বিদ্যালয় ওদালগুৰিৰ উপাধ্যক্ষ পুষ্প ৰাম কলিতাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4bea86dd-86a0-49e2-b83c-4836fdc72373/70b9ea3a-de52-45b8-96e8-924fe82e66b3.jpg)
অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন মঙলদৈ নগৰ শাখাৰ ১৯সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠানত সমল ব্যক্তি হিচাবে জৱাহৰ নৱোদয় বিদ্যালয় ওদালগুৰিৰ উপাধ্যক্ষ পুষ্প ৰাম কলিতাই নৱপ্ৰজন্মক উদ্দেশ্যে কৰি কয় -এতিয়াৰ নৱপ্ৰজন্মৰ ৰাতি ৩বজাতো দিন হৈ থাকে। মাক দেউতাকক পঢ়িব লাগে বুলি কৈ ৰাতি বহু দেৰিলৈকে উজাগৰে থাকে। তেওঁলোকে কি কৰে পঢ়ে নে ম'বাইলত অন্য কিবা কৰে। আজিকালি প্ৰত্যেকৰে হাতত ম'বাইল ফোন আছে। যদি ম'বাইল ফোন ব্যৱহাৰ কৰি থাকে আৰু সঠিক ব্যৱহাৰ কৰিছে তেন্তে কথা নাই, অন্যথা গ্ৰেনেড বিস্ফোৰণৰ নিচিনা হ'ব। সেয়ে ম'বাইল মিনি মাইজ কৰাৰ ব্যৱস্থা হাতত ল'বলৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়। তেওঁলোকে মিউজিক, ছবি অঁকা,কিতাপ পঢ়া আদি অভ্যাস কৰিব লাগিব।
নগৰ শাখাৰ সভাপতি মহেন্দ্ৰ কটকীৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত ডা:উপেন ডেকাই সম্বৰ্দ্ধনা গ্ৰহন কৰি কয়, কলিতা জাতিটো এটা সাহসী জাতি। সঠিক পথত থাকি নিজৰ নায্য প্ৰাপ্তিৰ বাবে কোনোদিনে পিছ হুহুকি নহা জাতি। এইক্ষেত্ৰত বীৰ ভগদত্ত, মণিৰাম দেৱানৰ প্ৰসংগ তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/18df5971-ea6b-4003-876d-959ad361c96e/c098f96f-5943-417f-8100-6ad8a2c0a910.jpg)
কণমানি প্ৰনামী বৰ্মনৰ ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ৰাম চন্দ্ৰ চহৰীয়াই।এই অনুষ্ঠানত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২১গৰাকী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ১৫গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। উল্লেখ্য যে সন্মিলনীৰ তৰফৰপৰা এইবাৰৰ পৰা হৃদয় সাগৰ ডেকা সোঁৱৰণী আদৰ্শ বিশেষ ছাত্ৰ বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰতিবছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতী মানক(নগৰ শাখাৰ অন্তৰ্গত)এই বঁটা প্ৰদান কৰা হ'ব। পিতৃ কেশৱ চন্দ্ৰ ডেকা আৰু মাতৃ ৰীজু ডেকাই আগবঢ়োৱা এই বিশেষ বঁটাটো এই বেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শতকৰা ৯৬.৮নম্বৰ প্ৰাপ্ত স্নেহা হাজৰিকাক প্ৰদান কৰা হৈছে। বঁটাত আছে স্মাৰক, জাপি, গামোচা আৰু নগদ ধন।
ইয়াৰোপৰি প্ৰগতিশীল খেতিয়ক ভৱকান্ত চহৰীয়া, সাংস্কৃতিক কৰ্মী, ভৱানী বৰা, বিশিষ্ট চিকিৎসক উপেন ডেকাক এই সভাতে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সভাত জিতেন কলিতা, ভূপেন ডেকাই লোকগীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। ইয়াৰ পূৰ্বে ৯বজাত পতাকা উত্তোলন কৰে মহেন্দ্ৰ কটকীয়ে। বন্তি প্ৰজ্বলন কৰে হৰি ৰাম চহৰীয়াই। স্মৃতি তৰ্পণ কৰে উপেন্দ্ৰ চহৰীয়াই।
Also Read: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মাজুলীৰ পুৰণিবাৰীত উত্তপ্ত পৰিস্থিতিঃ ৰাইজৰ পথ অৱৰোধ...