দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ কোটিটকীয়া কেলেংকাৰীঃ তদন্ত বিচাৰি কংগ্ৰেছৰ স্মাৰক

দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ কোটিটকীয়া কেলেংকাৰীঃ তদন্ত বিচাৰি কংগ্ৰেছৰ স্মাৰক

author-image
Asomiya Pratidin
New Update
দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ কোটিটকীয়া কেলেংকাৰীঃ তদন্ত বিচাৰি কংগ্ৰেছৰ স্মাৰক

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰায় ১০০কোটিটকীয়া কেলেংকাৰী অভিযোগৰ বাতৰি প্ৰকাশ পোৱাত শুকুৰবাৰে জিলা কংগ্ৰেছে ন্যায়িক তদন্ত বিচাৰি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ইতিমধ্যে জিলা আয়ুক্তই বিষয়টোৰ গুৰুত্ব বুজি দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰিছিল যদিও আয়ুক্ত কাৰ্যালয়ৰ কেলেংকাৰীৰ তদন্ত আয়ুক্ত কাৰ্য্যালয়ৰে এগৰাকী দণ্ডাধীশৰ জৰিয়তে কৰিলে একো ফল নোলাব বুলি জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে সন্দেহ প্ৰকাশ কৰে।

Advertisment

মঙলদৈৰ বিধায়ক বসন্ত দাসে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কেইবছৰমান ধৰি এক চক্ৰই পৰিচালনা কৰি আহিছে আৰু এই চক্ৰত আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীও জড়িত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে। আয়ুক্ত কাৰ্যালয়ত হঠাৎ একোজন যোগনিয়াৰ আহি বহু দামী গাড়ী, ঘৰৰ মালিক হৈ পৰে বুলি মন্তব্য কৰি প্ৰকাশিত কেলেংকাৰী সম্পৰ্কে এক ন্যায়িক তদন্ত বিচাৰি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰৰ জৰিয়তে জিলা আয়ুক্তক অনুৰোধ জনোৱাৰ পিছতো যদি ন্যায়িক তদন্ত নহয় তেনেহলে জিলা কংগ্ৰেছে পি আই এল কৰিব বুলিও উল্লেখ কৰে।

Also Read: বোকাজানত বৰপথাৰ আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ ইউৰীয়া সাৰ

Assam Pradesh Congress Commitee GOVT OF ASSAM