দৰং জিলা আয়ুক্তৰ সভাপতিত্বত পথ সুৰক্ষা সমিতিৰ বৈঠক

দৰং জিলা আয়ুক্তৰ সভাপতিত্বত পথ সুৰক্ষা সমিতিৰ বৈঠক

author-image
Asomiya Pratidin
New Update
দৰং জিলা আয়ুক্তৰ সভাপতিত্বত পথ সুৰক্ষা সমিতিৰ বৈঠক

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয় ।

Advertisment

সভাত পথ দুৰ্ঘটনা ৰোধ কৰা আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় । যান-বাহন চালকৰ অসাৱধনতাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বিষযটোৱে আলোচনাত গুৰুত্ব লাভ কৰে। মাদকদ্ৰব্য সেৱন কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

দুচকীয়া বাহনৰ দুৰ্ঘটনা বৃদ্ধি ৰোধ কৰাৰ বিষয়েও সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা পৰিবহন বিষয়াগৰাকীয়ে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে গ্ৰহণ কৰা কাৰ্যসূচীৰ বিষয়ে সভাক অৱগত কৰি কয় যে আগন্তুক সময়তো এনে কাৰ্যসূচী অব্যাহত থাকিব।

জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ বিভিন্ন পথৰ সৈতে উপপথৰ সংযোগী স্থানত বিধি অনুসৰি গতিৰোধক নিৰ্মাণ আৰু আন প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। দৰং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাৰিষাকালত সৃষ্টি হোৱা গাঁতসমূহ পুতি পথ মসৃণ কৰাৰ কাম ইতিমধ্যে আগবাঢ়িছে। জিলা আয়ুক্তগৰাকীয়ে সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি বিষয়াগৰাকীক বৰ্তমান খৰালি কালৰ আৰম্ভণিতে বাকী থকা কামখিনি সম্পূৰ্ণ কৰিবলৈ কয়।

ই-ৰিক্সাৰ পৰিবহণ, চালকসকসৰ বাধ্যবাধকতা আদিৰ বিষয়েও আজি আলোচনা কৰা হয়। মঙলদৈ পৌৰসভা এলেকাত ই-ৰিক্সাসমূহৰ নিয়ন্ত্ৰণ, পাৰ্কিঙৰ যথাযথ অৱস্থা আদিৰ ক্ষেত্ৰত মঙলদৈ পৌৰসভাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আৰক্ষী আৰু জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে সহযোগিতা আগবঢ়াব বুলি জিলা আয়ুক্তগৰাকীয়ে কয় ।

আজিৰ সভাত দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগসমূহৰ বিষয়াৰ লগতে যানবাহন - পৰিবহনৰ বিভিন্ন সংস্থা- সমিতি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।