মঙলদৈত কৰ্কট ৰোগৰ সজাগতামূলক সভা অনুষ্ঠিত

মঙলদৈত কৰ্কট ৰোগৰ সজাগতামূলক সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
মঙলদৈত কৰ্কট ৰোগৰ সজাগতামূলক সভা অনুষ্ঠিত

ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈত এপল' ইনফৰ্মেচন চেণ্টাৰৰ উদ্যোগত কৰ্কট ৰোগৰ এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়।দেওবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত সমল ব্যক্তি হিচাবে উপস্থিত থাকে চেন্নাই এপল' হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক কে, জে, ৰঘুনাথ।অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে, কেঞ্চাৰ ৰোগ ভয় কৰিব লগা ৰোগ নহয়।ভয় নকৰি বা সংকোচ নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

Advertisment

যথা সময়ত চিকিৎসকৰ ওচৰ চাপিলে অতি সোনকালেই কেঞ্চাৰৰ পৰা হাত সাৰিব পাৰি।চতুৰ্থ ষ্টেজ পালেও চিকিৎসা সম্ভৱ হয় বুলি কয় বিশিষ্ট চিকিৎসক গৰাকীয়ে।বহু সময়ত কেঞ্চাৰ হোৱা বুলি জনাৰ পিছতো বহু লোকে এয়া দুৰাৰোগ বুলি ভাবি সকলোৰে পৰা লুকাই ৰাখে।

তেনে কৰাৰ ফলত ৰোগ বিধ বহু পৰিমাণে বাঢ়ি যায়। চিকিৎসাই কাম নকৰা হয়।সেয়ে কেঞ্চাৰৰ যিকোনো লক্ষণ দেখা পালেই বিনাদ্বিধাই চিকিৎসকৰ কাষ চাপিব লাগে বুলিও কয় চিকিৎসক কে,জে, ৰঘুনাথে।

Also Read: ৫মিনিটত পঢ়ক মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ১০টা বিশেষ ঘোষণা...

cancer awareness program mangaldai