/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a8fb0113-8c1a-49c8-ac0f-4dbdba091456/225.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয় প্ৰাঙ্গণত মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সোমবাৰে এখনি স্তন কেঞ্চাৰ সজাগতা সভা অনুষ্ঠিত কৰে । মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ গিতালী কলিতাৰ সঞ্চালনাত অনুষ্ঠিত স্তন কেঞ্চাৰ সজাগতা সভাত কেঞ্চাৰ ৰোগৰ বিষয়ে বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে।
আনহাতে ধপাঁতৰ পৰা হ'ব পৰা সাৱধানতাৰ ওপৰত বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইচলামে । দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সেৱাসমূহৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7192a4dc-b96c-4216-96c2-cb9a6c4300e3/b75d7816-bc7f-4480-b5de-a5a9ce643890.jpg)
কেঞ্চাৰ ৰোগীসকলৰ সাৱধানতা আৰু সজাগতাৰ বিষয়ে বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই । স্তন কেঞ্চাৰ সজাগতাৰ ওপৰত বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ নাৰ্চ ৰোস্না বেগম আৰু জেছমিনআৰা বেগমে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4b66e301-ca6d-45e5-a528-cac1dc734a7f/1c1a69d4-6c70-4976-8e1b-c3bb0b0b498d.jpg)
ইফালে সভাখনিৰ আঁত ধৰে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা হিৰন্ময়ী মেধিয়ে। দেওমৰনৈ স্নাতক মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত স্তন কেঞ্চাৰ সজাগতা সভাত উপস্থিত থাকে অধ্যাপিকা অনিতা দেৱী, ড০ মুনমুনী দেৱী, দীপিকা দেৱী,নিলীমা বৰুৱা, অধ্যাপক বিজয় কুমাৰ বৰুৱা, ৰমেন চন্দ্ৰ লহকৰ,অজিত শৰ্মা, পল্লৱ বৰুৱা, বিনয় ভুষণ শৰ্মা, নিপেন বৈশ্য ,মহিবুল ইছলাম, মইনুল হক, অৰূপ শৰ্মা।
লগতে দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক,অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, দেওমৰনৈ বি.এড মহাবিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে ।
Also Read: দুধনৈৰ পৰিদৰ্শন বঙলাত বিৰুবালা ৰাভাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us