১৩ বছৰীয়া কিশোৰক ডিঙি কাটি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ১৩ বছৰীয়া কিশোৰক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ। বৃহস্পতিবাৰে পোহৰলৈ আহে

author-image
Asomiya Pratidin
New Update
১৩ বছৰীয়া কিশোৰক ডিঙি কাটি হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে

ডিজিটেল ডেস্কঃ দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ১৩ বছৰীয়া কিশোৰক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ। বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।

Advertisment

নিহত কিশোৰগৰাকী হৰ্ষিত জৈন বুলি চিনাক্ত। ককায়েক নমন জৈনৰ বিৰুদ্ধে হৰ্ষিতক হত্যাৰ সন্দেহ। ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে সোধ-পোছাৰ বাবে আটক কৰিছে নমনক।

কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হৰ্ষিতৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টতহে পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য।

Also Read: ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতে উত্তপ্ত মণিপুৰ! গুলীয়াগুলীত আহত ৬, এজন নিহতৰ আশংকা...

Assam police