/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/spza38h3/4cb9a753-17e8-42c9-a291-89663f61515f.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং দিৱস উদ্যাপন সমিতিৰ আহ্বানত দেওবাৰে কিনকিনীয়া বৰষুণৰ মাজতো বেগা নৈক জীয়াই থাকিবলৈ দিয়াৰ দাবীত পাঁচ শতাধিক লোক ওলাই আহি মঙলদৈ চহৰত সমদল কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে। এই উপলক্ষে পুৱা ৭-৪৫ বজাত মঙলদৈ শান্তিপুৰ সংঘৰ সভাগৃহত অনুষ্ঠিত জনজাগৰণ সভাত জ্যেষ্ঠ অধিবক্তা জয়ন্ত ডেকাই কয় যে, ২০১৮ চনত সেউজ ন্যায়াধীকৰণে অসমৰ ৩৩ খন নদীক প্ৰদূষণ যুক্ত হিচাপে ঘোষণা কৰিছিল।
ঘোষিত এই তালিকাত মঙলদৈৰ বেগা নৈ অন্যতম হিচাপে চিহ্নিত হৈছিল। যাৰফলত বেগা নৈক প্ৰদূষণমুক্ত কৰাৰ বাবে বিভিন্ন বিভাগৰ বিষয়াক লৈ এখন সমিতি গঠন কৰা হৈছিল। বেগা নৈ উজ্জীৱন সমিতি খনে ২০১৯ চনত কৰ্ম আঁচনি প্ৰস্তুত কৰি এখন ৪,৮৫ কোটি টকা অনুমোদন হৈছিল। কিন্তু বিগত পাঁচ বছৰত এই ধন সমিতিখনে ক'ত কেনেকৈ ব্যয় কৰিলে সেই সম্পৰ্কে মঙলদৈবাসীক একেবাৰে অন্ধকাৰত ৰাখিলে। এই ক্ষেত্ৰত তদন্ত হোৱা প্ৰয়োজন বুলি তেঁও কয়।
বোৱতী বেগা নৈ অভিযানৰ সম্পাদকদ্বয় গণেশ দত্ত আৰু হিতেশ হাজৰিকাই আঁত ধৰা এই সজাগতা সভাত বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে বেগা নৈখন ডাষ্টবিনত পৰিণত হোৱাত আক্ষেপ প্ৰকাশ কৰি কয়, বেগা নৈ প্ৰদূষণমুক্ত নোহোৱালৈ আমি ক্ষান্ত নহও। মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাই বেগা আমাৰ মান বুলি উল্লেখ কৰি বেগাক জীয়াই থাকিবলৈ দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি কয়।
মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মাই জিলা প্ৰশাসনৰ সহযোগত বেগাত হোৱা বেদখল উচ্ছেদ কৰা হ'ব বুলি কয়। তেওঁ লগতে জাৱৰ জোথৰ বেগা নৈত নেপেলাবলৈ সকলোকে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/v59ht90s/9abc8219-ea2b-461b-b2e0-56b5b979d227.jpg)
খাৰুপেটীয়া মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড° বুদ্ধিন চন্দ্ৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত সেনা বিষয়া মোহন চন্দ্ৰ শৰ্মা, দৰং দিৱস উদ্যাপন সমিতিৰ সভাপতি মাধৱ শৰ্মাই সভাত চমু বক্তব্য আগবঢ়ায় ৷ সজাগতামূলক সভাৰ পিছতে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ পাঁচ শতাধিক ৰাইজে শান্তিপুৰ সংঘৰ পৰা সমদল যাত্ৰা আৰম্ভ কৰি মঙলদৈ চহৰ পৰিভ্ৰমণ কৰে।
'বেগা নৈত জাৱৰ জোথৰ নেপেলাব, বেগাক প্ৰদূষণমুক্ত কৰক, বেগাৰ সৌন্দৰ্য্য হানি নকৰিব, বেগাক জীয়াই থাকিব দিয়ক, বেগাক ন্যায় প্ৰদান কৰক, বেগা ঈশ্বৰ আল্লাৰ দান ইয়াক অত্যাচাৰ নকৰিব, মঙলদৈ চহৰ বেগাৰ অৱদান, বেগা আমাৰ প্ৰাণ বেগা আমাৰ মান, বেগাক পৰিষ্কাৰ কৰি ৰাখো আহক, বেগা আমাৰ মাতৃ বেগা আমাৰ শক্তি' আদি শ্লোগানেৰে মঙলদৈ চহৰ মুখৰিত কৰি তোলা এই সমদলত চহৰখনৰ সচেতন নাগৰিক, এন চি চি, এন এচ এচ, স্কাউট-গাইড্, ছাত্ৰ-ছাত্ৰী, মঙলদৈ পৌৰসভা, মঙলদৈ বনিক সন্থাৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷
সমদলৰ সময়ত ৰাইজৰ মাজত গোহাৰি বিতৰণ কৰা হয় ৷ উল্লেখযোগ্য যে বেগা নৈখনৰ উৎস নাই যদিও পথাৰৰ পৰা নামি অহা পানীয়ে সৌ তাহানিতেই এখন নৈৰ সৃষ্টি কৰিছিল। সময়ৰ গতিত নৈখন প্ৰদূষণেৰে ভৰি পৰাৰ লগতে বহুতে বেগা নৈ অবৈধ ৱবেদ দখল কৰি কেইবাটাও অট্টালিকা নিৰ্মাণ কৰিছে যদিও প্ৰৰশাস এই ক্ষেত্ৰত ৰহস্যজনক ভাৱে নিশ্চুপ।
আনহাতে নৈখনৰ দাঁতিত বসবাস কৰা লোক, ব্যৱসায় প্ৰতিষ্ঠান আৰু অন্যান্য অনুষ্ঠানৰ আবৰ্জনাৰে নৈখন প্ৰদূষিত হৈ আহিছে ৷ লক্ষণীয় কথাতো হৈছে মঙলদৈ পৌৰসভাই নৈখনৰ দাঁতিত ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণৰ নামত যিমান মাটি আৱণ্টন দিছে, তাতকৈ বহু বেছি মাটি বেদখল কৰি গৃহ নিৰ্মাণৰ নীতিক অংগুষ্ঠ দেখুৱাই গৃহ নিৰ্মাণ কৰিছে ৷ কিন্তু এই খেত্ৰত পৌৰ প্ৰশাসন নিমাত৷ এই ক্ষেত্ৰত দৰং দিৱস উদ্যাপন সমিতিয়ে অতি সোনকালে জিলা আয়ুক্ত সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰিব বুলি জানিব পৰা গৈছে।