Advertisment

মঙলদৈত ১০৮ সেৱাৰ কৰ্মচাৰীৰ ৰক্তদান কাৰ্যসূচী

মঙলদৈত ১০৮ সেৱাৰ কৰ্মচাৰীৰ ৰক্তদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
মঙলদৈত ১০৮ সেৱাৰ কৰ্মচাৰীৰ ৰক্তদান কাৰ্যসূচী

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত ১০৮ সেৱাৰ কৰ্মচাৰীসকলে বুধবাৰে মঙলদৈ ৰক্ত ভড়ালত ৰক্তদান কাৰ্য্যসূচী ৰূপায়ন কৰে। জিলাখনৰ প্ৰায় সংখ্যক ১০৮ সেৱাৰ কৰ্মচাৰীয়ে এই কাৰ্য্যসূচীত ৰক্তদান কৰে।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০০৮ চনত আজিৰ দিনটোতেই ১০৮ সেৱা প্ৰৱৰ্তন কৰা হৈছিল। সেয়েহে আজিৰ দিনটোত কৰ্মচাৰীসকলে ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

উল্লেখযোগ্য যে এই ৰক্তদান কাৰ্যসূচীত সহযোগিতা কৰে মঙলদৈৰ এইছ ডি এফ চি বেংকে। আনহাতে ১০৮ সেৱাৰ কৰ্মচাৰীসকলে দিন- ৰাতি একাকাৰ কৰি ১০৮ সেৱাত ৰোগী কঢ়িয়াই তেওঁলোকে ৰোগীৰ দুখ- দুৰ্দশা সদায়েই প্ৰত্যক্ষ কৰি আহিছে।

গতিকে ৰোগীসকলৰ বাবে ৰক্তদান কৰি কিছু পৰিমাণে সকাহ দিবলৈ এই কাৰ্য্যসূচীৰ প্ৰয়াস কৰে। ১০৮ সেৱাৰ কৰ্মচাৰীসকলৰ এই মহৎ কায্যক ৰক্ত ভড়ালৰ সৈতে জড়িত আৰু সৰ্বসাধাৰণৰ লোকে ভূয়সী প্ৰশংসা কৰে।

Also Read: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প...

Blood Donation mangaldoi