মংগলদৈত আৰম্ভ বিশ্ব সংস্কৃত সন্মিলন

মংগলদৈত আৰম্ভ বিশ্ব সংস্কৃত সন্মিলন

author-image
Asomiya Pratidin
New Update
মংগলদৈত  আৰম্ভ বিশ্ব সংস্কৃত সন্মিলন

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাষ্ট্ৰীয় ,একতা , সংহতি আৰু ভাতৃত্ববোধৰ বাবে সংগঠিত হোৱা লোকভাষা প্ৰচাৰ সমিতি ভাৰতৰ উদ্যোগত মংগলদৈ চহৰত পোন প্ৰথমবাৰৰ বাবে বিশ্ব সংস্কৃত সন্মিলনৰ আয়োজন কৰা হৈছে। মঙলদৈ সনাতন ধৰ্মসভা আৰু দৰং জিলা সংস্কৃত শিক্ষক সমিতিৰ সহযোগত মংগলদৈ সনাতন ধৰ্মসভা প্ৰাঙ্গণত বুধবাৰে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। মুখ্য পতাকা উত্তোলন কৰে ৰাষ্ট্ৰীয় অধ্যক্ষ ড° সদানন্দ দিক্ষীতে।

Advertisment

২৯ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা উক্ত সন্মিলনখন বুধবাৰে পুৱা সনাতন ধৰ্মসভাৰ বিষ্ণু মন্দিৰ প্ৰসঙ্গত ৭০ খন পতাকা উত্তোলন কৰা হয়। ১০ বজাত প্ৰদৰ্শনী দ্বাৰ মুকলি কৰিব জিলা উপায়ুক্ত মুনীন্দ নাথ ঙাটে। ১০:৩০ মিনিটত ৰাষ্ট্ৰীয় একতা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।

দিনৰ ৩ বজাত ড°সদানন্দ দিক্ষীত মহোদয়ৰ সভাপতিত্বত বিশ্ব সাংস্কৃতিক সন্মিলন সভা আৰম্ভ হ'ব আৰু এই সভাৰ শুভ উদ্বোধক হিচাপে উপস্থিত থাকিব অসমৰ মহামান্য ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া।

দিব্য অতিথি হিচাপে উপস্থিত থাকিব ড° ভদ্ৰেশ দাস সাধু, বিশ্ব বৰেণ্য সাংস্কৃতিক বিদ্বান বি: এ:পি:এচ স্বামী নাৰায়ণ সংস্থা , গুজৰাট। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব পদ্মশ্ৰী অভিৰাজ ৰাজেন্দ্ৰ মিশ্ৰ, ভুতপূৰ্ব উপাচাৰ্য সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, বাৰানসী। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিদ্বান শশীধৰ আচাৰ্য , আস্থান বিদ্বান উত্তাৰাদি মঠ বাংগালুৰু। আবেলি ৪-৩০ বজাত বিশ্বহিতায় সংস্কৃতম আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰিব মংগলদৈ সাংসদ দিলীপ শইকীয়াই।

আলোচনাচক্ৰৰ মুখ্য বক্তা অধ্যাপক পি চি মুৰুলীমাধৱন, অধ্যক্ষ কুঞ্জন্নী ৰাজা একাডেমী প্ৰাচ্য বিদ্যা গৱেষণা কেন্দ্ৰ, কেৰেলা, ড° প্ৰহ্লাদ যোশী, উপাচাৰ্য কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসম। সন্ধিয়া ৬ বজাত সাংস্কৃতিক কাৰ্যক্ৰম উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মনিদ্বীপা বৰকটকীয়ে । এইদৰে ২৮ ডিচেম্বৰ তাৰিখে দেশ বিদেশৰ ২৫০ গৰাকী সংস্কৃত বিদ্বানৰ মাজত ৮ খনকৈ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। দেশৰ লগতে অসমৰ প্ৰায় ৪০ গৰাকী বৰেণ্য ব্যক্তি এই সন্মিলনত ৰাষ্টীয় সন্মানেৰে সন্মানিত হ'ব।

২৯ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ১১ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু দেশৰ প্ৰায়বোৰ ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকিব। সংস্কৃত ভাষাৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ উপস্থিত থাকিব ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি ৰঞ্জন কুমাৰ বেজবৰুৱা আৰু বিভিন্ন ৰাজ্যৰ লগতে অসমৰ লোক সংস্কৃতিৰ দলসমূহ। সাধাৰণ লোকক আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰা হৈছে সুবিশাল ইণ্ডিয়া গে'ট । দৰং জিলাৰ ৩ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিকী ইণ্ডিয়া গে'টৰ সমুখত সাংস্কৃতিক অনুষ্ঠান, গীতা পাঠ, শ্লোক আবৃত্তি আদি পৰিবেশন কৰিব।

Also Read: বিহুৰ পূৰ্বে ভাল খবৰ! স্বাক্ষৰিত হ'ব আলফা শান্তি চুক্তি, কি কি আছে এই চুক্তিত...