বিহু উপলক্ষে চুৰা প্ৰস্তুত কৰাত ব্যস্ত মঙলদৈৰ কৃষক...

বিহু উপলক্ষে চুৰা প্ৰস্তুত কৰাত ব্যস্ত মঙলদৈৰ কৃষক...
বিহু উপলক্ষে চুৰা প্ৰস্তুত কৰাত ব্যস্ত মঙলদৈৰ কৃষক...

ডিজিটেল সংবাদ মঙলদৈঃ ভোগালী বিহু সমাগত। ভোগালী বিহুৰ পূৰ্বে ব্যস্ত হৈ পৰিছে কৃষকসকল। মঙলদৈত কৃষকসকল ব্যস্ত হৈ পৰিছে বিহুৰ বাবে চুৰা প্ৰস্তুত কৰাত।

মঙলদৈৰ পনিয়া চুৰাৰ এক সুকীয়া নাম আছে গোটেই অসমতে। চুঙা পিঠা, দৈ-চিৰা, নাৰিকলৰ লাড়ু, পিঠা-পনাই ভোগালী বিহুৰ মূল খাদ্য। এইসমূহ খাদ্যৰ বাবে প্ৰয়োজন গুৰ বা চুৰাৰ ।

মঙলদৈ মোৱামাৰীত খিলঞ্জীয়া লোকৰ দ্বাৰা গঠিত চিৰ সেউজী কৃষি সমবায় পামৰ লোকসকল ব্যস্ত এতিয়া কুঁহিয়াৰ পেৰি চুৰা প্ৰস্তুত কৰাত। চুৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দৰঙৰ এক স্বকীয় বৈশিষ্ট্য আছে।

মঙলদৈৰ লগতে দৰঙৰ বিভিন্ন প্ৰান্তত কুঁহিয়াৰৰ ৰস উলিয়াই পৰম্পৰাগত ভাবে যি গুৰ প্ৰস্তুত কৰা হয় তাৰ এক সুকীয়া বৈশিষ্ট্য আছে। ভোগালী বিহুৰ পূৰ্বে কৃষকসকলে বিক্ৰী কৰিব এই চুৰা ।

সমবায়খনৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে প্ৰতি বছৰে এই চুৰা উৎপাদন কৰি আহিছে বিঘা বিঘাই মাটিত কুঁহিয়াৰ খেতি। লগতে বৃহত্তৰ মোৱামাৰী অঞ্চলৰ কৃষকসকলে এহেজাৰ বিঘাটকৈও অধিক মাটিত কৰিছে কুঁহিয়াৰ খেতি।

দৰঙৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকেও দৰঙৰ এই নিৰ্ভেজাল গুৰ বা চুড়াৰ সোৱাদ ল'ব পাৰিব বুলি জনায় কৃষকসকলে।

বিহু উপলক্ষে চুৰা প্ৰস্তুত কৰাত ব্যস্ত মঙলদৈৰ কৃষক...
মোডীৰ গুজৰাটত আদানীয়ে বিনিয়োগ কৰি ২ লাখ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in