মঙলদৈৰ জামুগুৰি গাঁৱত বৈচাগু উৎসৱ পালন

মঙলদৈৰ জামুগুৰি গাঁৱত বৈচাগু উৎসৱ পালন

ডিজিটেল সংবাদ,মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মঙলদৈটো ৰঙালীৰ ব্যাপক আনন্দ-উছাহ। মঙলদৈৰ জামুগুৰি গাঁৱত ৰাইজে পালন কৰিছে বৈচাগু উৎসৱ। বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোক সকলে ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মংগলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰি আহিছে।

দৰং-ওদালগুৰি সীমামুৰীয়া এই গাঁওখনৰ প্ৰায় শতাধিক পুৰুষ মহিলা ওলাই আহি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে গৈ আশীৰ্বাদ দি সকলোৰে কুশল মংগল কামনা কৰে। লগতে বড়ো সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ লগত নতুন প্ৰজন্মক চিনাকী কৰি দিয়ে। এনেদৰেই পৰম্পৰা ৰক্ষা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলে অসমীয়াৰ হেঁপাহৰ বিহুটি পালন কৰি আহিছে।

মঙলদৈৰ জামুগুৰি গাঁৱত বৈচাগু উৎসৱ পালন
এইবাৰ দৰকাৰ নে বিজেপিৰ চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in