মঙলদৈত কৰদাতা সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত

মঙলদৈত কৰদাতা সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত
Published on
Updated on

ডিজিটেল সংবাদ,মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈস্থিত সহকাৰী ৰাজ্যিক কৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ পৰামৰ্শ দাতা আৰু ব্যৱসায়ী সকলক লগত লৈ Assam Professional Tax আৰু Assam Electricity Duty ৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখনিৰ সভাপতিত্ব কৰে সহকাৰী কৰ আয়ুক্ত জুমি গগৈয়ে।

কৰ নিৰীক্ষক কবন নাথে আঁত ধৰা সভাখনিত "অসম পেছাদাৰী কৰ আইন ১৯৪৭" (ASSAM Professional Tax Act 1947) ৰ অধীনত বাৰ্ষিক সৰ্বাধিক ২৫০০ টকা চালানযোগে জমা দিবলৈ ব্যৱসায়ী, উদ্যোগপতি, আইনজীৱী, অভিযন্তা, চাৰ্টাড একাউটেণ্ট ইত্যাদি সকলোকে আহ্বান জনায়। ইয়াৰ উপৰিও ৫ কিলোৱাট ৰ ওপৰত জেনেৰেটৰ ব্যৱহাৰ কাৰি সকলক ASSAM Electricity Duty Act 1964 ৰ অধীনত সময় মতে কৰ পৰিশোধ কৰিবলৈ আহ্বান জনায়।

সভাৰ শেষত সহকাৰী কৰ আয়ুক্ত জুমি গগৈয়ে সকলোকে ধন্যবাদ জনাই কয় যে কৰদাতা সকলৰ সহযোগিতাই আমাৰ ৰাজ্যখনক শক্তিশালী ৰূপত আগুৱাই যোৱাত সহায় কৰিব। কৰদাতা সকলৰ সহযোগিতাৰ বাবেই আমি আগৰ বছৰ ৰ তুলনাত Electricity Duty সংগ্ৰহৰ ক্ষেত্ৰত ৮৬% আৰু Professional Tax ত ১৪ % অধিক বিকাশ কৰিবলৈ সক্ষম হৈছো।

লগতে কয় যে, ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত সামাজিক ভাৱে আমি সকলোৱে দায়বদ্ধ। আপোনালোকৰ সহযোগিতাই আমাক দুগুণ উৎসাহেৰে কাম কৰিব সাহস দিয়ে। আপোনালোকক সহযোগিতা আগবঢ়াবলৈ আমি ২৪ ঘন্টাই সাজু আছো। শেষত কৰ পৰামৰ্শ দাতা সকলৰ হৈ কৰ পৰামৰ্শ দাতা তথা কন্ঠশিল্পী হৰি হৰ্ষিত আৰু বিজয় চান্দে কৰ দাতা সকলকৰ মাজত সজাগতা বৃদ্ধিৰ ঊদ্দেশ্যে Darrang Tax Bar Association ৰ সহযোগত কিছু কাৰ্য্যপন্থা হাতত লোৱাৰ মত পোষণ কৰে।

মঙলদৈত কৰদাতা সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত
দৰং জিলা আয়ুক্ত কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in