দৰং জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কবি সন্মিলন সম্পন্ন

দৰং জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কবি সন্মিলন সম্পন্ন

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ কেন্দ্ৰীয় কবি সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ কেন্দ্রীয় কবি সম্মিলনখন নৱৰূপ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গড়গড়ী গাঁও সভাৰ সহযোগত স্থানীয় ৰংগ মঞ্চত শুকুৰবাৰে সম্পন্ন হৈ যায়। জিলাখনৰ কেইবাগৰাকী নির্বাচিত আৰু আমন্ত্রিত কবিকে ধৰি ডেৰ কুৰিৰো অধিক নবীন- প্রবীন কবিৰ কবিতা পাঠ অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কার্যালয়ৰ সম্পাদক সৎৰাম ডেকাই।

Advertisment

দৰং জিলা সাহিত্য সভাৰ উপ সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্ব আৰু কবি সম্মিলনৰ কাৰ্যকৰী সভাপতি দীনেশ কুমাৰ ডেকাৰ সঞ্চালনাত সম্পন্ন হোৱা কবি সম্মিলনৰ পঠিত কবিতা সমূহৰ কাব্যিক গুণ সমূহৰ পৰ্যালোচক হিচাপে উপস্থিত থাকি পর্যালোচনা আগবঢ়াই নান্দনিক সাহিত্য চক্র, পাথৰিঘাটৰ সম্পাদক, বিশিষ্ট প্রাবন্ধিক, সমালোচক কমলা কান্ত ডেকা , কবি উপসমিতিৰ উপ সভাপতি মোহিনী গোস্বামী, বিশিষ্ট কবি আৰু বোকাজানস্থিত জিনবৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পুলস্ত্য শৰ্মাই।

জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত কুমাৰ শইকীয়া আৰু শাখা সাহিত্য সভাৰ সম্পাদক ভূপেন চহৰীয়াই যুটীয়াভাবে আট ধৰা কবি সন্মিলনত জ্যেষ্ঠ নাট্যকাৰ, নাগাৰা নামৰ এগৰাকী দক্ষ শিল্পী গংগাৰাম চহৰীয়াক জিলা সাহিত্য সভাই, ধর্মপ্রাণ মহিলা পুতুবালা শইকীয়া ডেকাক শাখা সাহিত্য সভাৰ তৰফৰ পৰা গ্ৰন্থৰ টোপোলা, গামোচা, চেলেং আৰু সম্বৰ্দ্ধনা পত্ৰৰে সন্মান জনোৱা হয়।

অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্র চহিৰ ভূঞা, সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ , জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক ডাঃ মৃন্ময় কুমাৰ নাথ, অসম সাহিত্য সভাৰ বিশেষভাবে আমন্তিত সদস্য, কবি গীতিকাৰ আব্দুল মালিক, বিশিষ্ট কবি পপী চহৰীয়া প্ৰমুখ্যে কেইবাগৰাকী নবীন-প্রবীন সাহিত্য কর্মী উপস্থিত থকা সভাৰ আগতে পুৱা সমূহীয়া পৰিবেশ স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Also Read: কংগ্ৰেছৰ মায়া এৰি গেৰুৱা বসন পিন্ধিলে মানস বৰাই

darrang assam sahitya sabha