মঙলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা...

"ভাষা এটা জীয়াই থাকে ভাষাটো কোৱা আৰু চৰ্চাৰ ওপৰত, ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব"- ড০ উপেন্দ্ৰজিৎ শৰ্মা
মঙলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ : শেহতীয়া ভাবে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই লৈ সমগ্ৰ ৰাজ্যতে যি বিতৰ্ক চলি আছে সেইক্ষেত্ৰত অসম সাহিত্য সভাই পুনৰবাৰ স্থিতি স্পষ্ট কৰিছে।

দেওবাৰে মঙলদৈস্থিত আঞ্চলিক কাৰ্যালয়ত অসম সাহিত্য সভাৰ এখনি সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে, "ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব । ভাষা জীয়াই থাকে ভাষাটো কোৱা আৰু চৰ্চা কৰাৰ ওপৰত। সেয়েহে আমি প্ৰতিজন অসমীয়াই ভাষা জীয়াই ৰখাৰ কাৰণে কাম কৰিব লাগিব।

অসম সাহিত্য সভাই চাৰি ভাষা নীতি মানি আহিছে। ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ নিজা ভাষা কৃষ্টি সুৰক্ষিত কৰি আমি আগুৱাই যাব বিছাৰিছো । সেয়া হৈছে মাতৃ ভাষা, ৰাজ্য ভাষা, ইংৰাজী আৰু হিন্দীত শিক্ষা গ্ৰহণ কৰিলে আপত্তি কৰিব লগীয়া নাই।"

তেওঁ লগতে কয়, অসম সাহিত্য সভাই মাতৃ ভাষাক মাতৃ জ্ঞান কৰি আহিছে। আমাৰ পিতৃৃ-মাতৃসকলে সন্তানক ঘৰতে মাতৃ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পৰাকৈ শিকাব লাগিব। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰিছিল যদিও আমাৰেই অসমীয়া অভিভাৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দি সেয়া বাতিল কৰিলে। সেয়া চৰকাৰে বা কোনো সাহিত্য সভাই কৰা নাই। গতিকে আমি অসমীয়াসকল সচেতন হ'ব লাগিব।

আনহাতে শেহতীয়া ভাবে দেশৰ নিৰ্বাচন আয়োগে কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপকো অসম সাহিত্য সভাই আদৰণি জনায়। সম্পাদক ড০ শৰ্মাই কয় এই খচৰাৰ জৰিয়তে ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষিত হ'ব। এতিয়া আৰু বহিৰাগত লোকে ইচ্ছা কৰিলেই বাহিৰৰ পৰা আহিয়েই পূৰ্বৰ দৰে নিৰ্বাচন খেলিব নোৱাৰিব।

অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে। সভাত মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকাই সভাৰ আজীৱন সদস্যসকলকো মূল অধিবেশনলৈ পত্ৰযোগে আমন্ত্ৰণ জনাব লাগে বুলি মত প্ৰকাশ কৰে।

অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁত ধৰা সভাত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, সম্পাদক বসন্ত শইকীয়া, সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপূৰ্ব বৰা, ওদালগুৰি জিলাৰ সভাপতি গৌৰীশংকৰ দাস আৰু সম্পাদক নিৰ্মল চন্দ্ৰ নাথে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।

মঙলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা...
এইবাৰ মৰাণ সমষ্টিৰ পৰিৱৰ্তে বৰবৰুৱা সমষ্টিৰ নামাকৰণৰ দাবীত প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in