'অসম গৌৰৱ' বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা...

'অসম গৌৰৱ' বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা...
'অসম গৌৰৱ' বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা...

ডিজিটেল সংবাদ মঙলদৈঃ অসম চৰকাৰে প্ৰদান কৰা ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা 'অসম গৌৰৱ' বঁটা ৰাজ্যৰ অন্যান্য বিশিষ্ট লোকসকলৰ লগতে মঙলদৈৰ উদ্যোগপতি, সমাজকৰ্মী অনুপম ডেকা ওৰফে জোনটিয়ে লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মঙলদৈবাসী। প্ৰয়াত সুনন্দ ৰাম ডেকাৰ কনিষ্ঠ পুত্ৰ অনুপম ডেকাই উদ্যোগ ক্ষেত্ৰখনত অনবদ্য বৰঙণি আগবঢ়োৱাৰ বাবে এই সন্মান লাভ কৰে।

পিতৃৰ পৰাই ব্যৱসায়ৰ আদিপাঠ শিকি এগৰাকী সফল উদ্যোগপতিলৈ ৰূপান্তৰিত হৈ এই বঁটা আজুৰি আনিবলৈ তেওঁ সক্ষম হৈছে। বাণিজ্যৰ স্নাতক অনুপম ডেকাই পৰৱৰ্তী সময়ত মেনেজমেণ্ট ট্ৰেইনিং কৰি ১৯৮৯ চনত মঙলদৈৰ চপাইত উদ্যোগ বিভাগৰ সহযোগত এটা আটাৰ মিল স্থাপন কৰি উদ্যোগ ক্ষেত্ৰখনত এখোজ আগুৱাই যায়।

ব্যৱসায়ত ক্ৰমান্বয়ে অগ্ৰসৰ হোৱা অনুপম ডেকাই পিতৃয়ে ১৯৩৩ চনত মঙলদৈ চহৰত স্থাপন কৰা 'ৰিপোজ' নামৰ চাহৰ হোটেলখনৰ পৰিসৰ বৃদ্ধি কৰি কালক্ৰমত 'ৰিপোজ বেকাৰ্চ স্পেচিয়েল' নামেৰে বৃহৎ পৰিসৰৰ এটা ব্ৰেণ্ড আৰম্ভ কৰি গুৱাহাটীৰ লগতে কেবাখনো ঠাইত বেকাৰী উদ্যোগ স্থাপন কৰে।

ইয়াৰ লগে লগে উদ্যোগ ক্ষেত্ৰত যথেষ্ট পিছপৰা মঙলদৈৰ দৰে এখন সৰু চহৰত অনুপম ডেকা এগৰাকী অন্যতম সঞ্চালক হিচাপে থকা এছ আৰ ডি গ্ৰুপে আৰম্ভ কৰে এটাৰ পিছত আনটো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগ। হৰলিক্স, অ' আৰ এছ, ব্ৰিটেনিয়া, আই টি চি, কৰ্ণ এগ্ৰ' আদি কেবাটাও উদ্যোগ মঙলদৈ চহৰত স্থাপন কৰি চাৰি হাজাৰতকৈও অধিক নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে।

ইয়াৰোপৰি তেওঁৰ পৰিকল্পনাত মঙলদৈ চহৰৰ নাতিদূৰৈত ১৫ নং নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত 'খাৰখোৱা' নামেৰে এখন ৰিজ'ৰ্ট আৰম্ভ কৰিও আন এক সফল উদ্যোগ গঢ়ি তোলে। কেৱল উদ্যোগ অথবা ব্যৱসায়িক দিশটোতে ব্যস্ত নথকা অনুপম ডেকা এগৰাকী সফল সমাজকৰ্মী আৰু ক্ৰীড়া সংগঠকো।

তেওঁলোকৰ এছ আৰ ডি গ্ৰুপে জনসাধাৰণৰ সুবিধাৰ্থে কেবাটাও জনহিতৈষি আঁচনি মঙলদৈ চহৰত ৰূপায়ন কৰিছে। ইয়াৰ ভিতৰত মন্দিৰ, মছজিদ, ৰঙ্গমঞ্চ, যাত্ৰীনিৱাস, বিজ্ঞানসন্মত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ আদি উল্লেখনীয়। মঙলদৈৰ ক্ৰীড়া ক্ষেত্ৰখনতো অনুপম ডেকাই এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱাৰ পাছত বিগত ছটা বছৰত তেওঁ যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয়। তেওঁ 'অসম গৌৰৱ' বঁটা লাভ কৰাত মঙলদৈৰ প্ৰতিগৰাকী ব্যক্তিয়ে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে।

'অসম গৌৰৱ' বঁটাৰে বিভূষিত মঙলদৈৰ উদ্যোগপতি অনুপম ডেকা...
কলিয়াবৰত মইনা পাৰিজাতৰ দ্বাৰা ভোগালী উৎসৱ উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in