মঙলদৈত অংগনৱাড়ী কৰ্মীৰ দেশজোৰা দাবী দিৱস পালন

মঙলদৈত অংগনৱাড়ী কৰ্মীৰ দেশজোৰা দাবী দিৱস পালন

author-image
Asomiya Pratidin
New Update
মঙলদৈত অংগনৱাড়ী কৰ্মীৰ দেশজোৰা দাবী দিৱস পালন

ডিজিটেল সংবাদ,মঙলদৈ : অংগনৱাড়ী কৰ্মীসকলে বুধবাৰে মঙলদৈত দেশজোৰা দাবী দিৱস পালন কৰে। হাতে হাতে প্লে কাৰ্ড লৈ অঙ্গনৱাড়ী কৰ্মীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।

Advertisment

সদৌ ভাৰত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেচনৰ আহ্বানত এই দাবী দিৱস পালন কৰা হয়। শতাধিক কৰ্মীয়ে আজি মঙলদৈ ভেৱাৰঘাট কৃষ্টি সংঘৰ বাকৰিত বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।

কেন্দ্ৰীয় চৰকাৰে আই চি ডি এছৰ বাজেট বৃদ্ধি কৰা, কৰ্মী আৰু সহায়িকাক নিয়মীয়াকৰণ কৰা আৰু মাননিৰ সলনি মজুৰি প্ৰদান আদিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মী সহায়িকাসকলে।

Also Read: ADRE ক নকৰিব APSC...

MANGALADAI