অভিনেতা নিগ্ৰহঃ দ্বীপজ্যোতি ডেকাক হাস্পতালত ভৰ্তি...

অভিনেতা নিগ্ৰহঃ দ্বীপজ্যোতি ডেকাক হাস্পতালত ভৰ্তি...

author-image
Asomiya Pratidin
New Update
অভিনেতা নিগ্ৰহঃ দ্বীপজ্যোতি ডেকাক হাস্পতালত ভৰ্তি...

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ভঙা টিভি তথা খিতেই কাই খ্যাত অভিনেতা দ্বীপজ্যোতি ডেকা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই আইনাৰ বটলেৰে দ্বীপজ্যোতিৰ মূৰত আৰু হাতত বেয়াকৈ আঘাত কৰে।

Advertisment

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অভিনেতাগৰাকীক তাৎক্ষণিকভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তি সময়ত নিশাৰ ভিতৰতে উন্নত চিকিৎসাৰ বাবে দ্বীপজ্যোতিক বাইহাটা চাৰিআলিৰ চিগনাচ হাস্পতালত ভৰ্তি কৰে।

আনহাতে ঘটনা সন্দৰ্ভত সঠিক তথ্য পোহৰলৈ অহা নাই যদিও মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ কৰাটো প্ৰয়োজনীয় যে ঘটনা সংঘটিত কৰিয়েই দুষ্কৃতিকাৰীয়ে পলায়ন কৰে।

Also Read: সোণাৰিত ৰহস্যজনক মৃতদেহ উদ্ধাৰ...

bhonga tv deepjyoti deka actor deepjyoti deka assamese actor news mangaldai actor news