মঙলদৈত অঘটন : এজনৰ সলিল সমাধি

মঙলদৈত অঘটন : এজনৰ সলিল সমাধি
Published on
Updated on

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ নদীৰ বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে এজনৰ। জানিব পৰা মতে বুধবাৰে পুৱা নদীত গা ধুব গৈছিল প্ৰফুল্ল নগৰৰ লালচান্দ চৌহান আৰু জপছিয়া চৌধুৰী নামৰ দুজন লোক।

গা ধুব গৈ দুয়োৰে মাজত জেদ লাগে যে, কোনে ভৰা নদী পাৰ হ'ব পাৰে। যিয়ে পাৰ হ'ব পাৰিব সিয়ে লাভ কৰিব ৬০০টকা। কথা মতেই নদী পাৰ হ'ব লঁওতে নদীত উটি যায় লালচান্দ চৌহান নামৰ ৪০ বছৰীয়া ব্যক্তিগৰাকী।

লগে লগে হুলস্থুল লাগে পাৰত থকা লোকসকলৰ মাজত। ঘটনাৰ পাছতে একাংশই SDRFৰ লোকক খবৰ দিয়ে। ঘটনাস্থলীত SDRFৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় ২ ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ মৃতদেহ।

মঙলদৈত অঘটন : এজনৰ সলিল সমাধি
শিৱসাগৰৰ দিচাংমুখত নাও দুৰ্ঘটনাঃ সন্ধানহীন এজন যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in