/asomiyapratidin/media/media_files/2025/05/30/WIJPWN5ZseXaOSg4BqC7.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ভূটান চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৮ জনীয়া এটা প্ৰতিনিধি দলে শুকুৰবাৰে পৰ্যবেক্ষণ কৰে মঙলদৈস্থিত দৰং কৰ্কট কেন্দ্ৰ। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনত উপলব্ধ সুবিধাসমূহৰ বুজ লোৱাৰ লগতে দৰং কৰ্কট কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱাসমূহো পৰিদৰ্শন কৰাৰ উপৰিও ভূটানৰ কৰ্কট ৰোগীসকলক দৰং কৰ্কট কেন্দ্ৰত চিকিৎসা কৰোৱাৰ সম্পৰ্কে এক বুজাবুজিৰ চুক্তি কৰাৰ বিষয়েও আলোচনা কৰে দলটিয়ে।
এই প্ৰতিনিধি দলটিৰ লগত সংগ দিয়ে দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ (কৰ্নেল) চৈয়দ ইফটিখাৰ চোভানী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰ্যকৰী সঞ্চালক ডাঃ দীপজ্যোতি দাস, শশাংক শইকীয়া, ডাঃ সুব্ৰত চন্দাই। ভূটান চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা অহা ৮ জনীয়া প্ৰতিনিধি দলটিত আছে ঠিংফুৰ চিকিৎসা বিষয়া ডাঃ সোনাম টেচৰিং, মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ জিপি ঢকাল, শল্য বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ সোনাম ডাৰ্গে, ই.এন.টি বিভাগৰ মুৰব্বী চিকিৎসক ফুব টেচৰিং, স্বাস্থ্য বিষয়া পেমা গায়েলতেচহেন, দৰ্জি ওৱাংচুক, অনকলজি চাৰজন ডাঃ প্ৰভাত প্ৰধান, গাইনকলজিছ ডাঃ নামখা দৰ্জি।
ভূটান ৰাজকীয় চৰকাৰৰ সৈতে মেডিকেল পৰ্যটনৰ সম্ভাৱনা অনুসন্ধান কৰিছে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰি ভূটান ৰাজকীয় চৰকাৰৰ প্ৰতিনিধি দলটো ভৱিষ্যতৰ সহযোগিতাৰ বাবে আশাবাদী।
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিস্তাৰ ঘটাবলৈ আৰু আঞ্চলিক সহযোগিতা বঢ়াবলৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ভূটান ৰাজকীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক নেতৃত্বাধীন আঠজনীয়া এটা প্ৰতিনিধি দলক আদৰণি জনালে। এই প্ৰতিনিধি দলে বিভিন্ন কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষজ্ঞ চিকিৎসকসকলক অন্তৰ্ভুক্ত কৰি ACCF ৰ মুখ্য কাৰ্যালয় আৰু তিনিখন কেঞ্চাৰ কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে।
তিনিদিনীয়া ভ্ৰমণকালত এই প্ৰতিনিধি দলে গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, বৰপেটা কৰ্কট কেন্দ্ৰ আৰু দৰং কৰ্কট কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁলোকে ৰবোটিক চাৰ্জাৰী ব্যৱস্থা, লিনিয়াৰ এক্সেলাৰেটৰ (LINAC), উন্নত নিউক্লিয়াৰ মেডিচিন সুবিধা আৰু ডায়াগনষ্টিক ইমেজিং প্ৰযুক্তিসহ আধুনিক চিকিৎসা পৰিকাঠামো আৰু সুবিধাসমূহ পৰ্যালোচনা কৰে। এই ভ্ৰমণে ACCFৰ সেৱা সক্ষমতা, ৰোগী যত্নৰ মডেল আৰু সহযোগিতাৰ সম্ভাৱনাসমূহ লৈ বিস্তৃত আলোচনা কৰে।
জিগমে দৰ্জি ৱাংচুক ৰাষ্ট্ৰীয় ৰেফাৰেল হাস্পতাল (JDWNRH), থিম্পুৰ মেডিকেল সুপাৰিন্টেণ্ডেণ্ট ডা. ছোনাম চেৰিঙৰ নেতৃত্বত অহা দলটোৱে অসমত উন্নত কেঞ্চাৰ চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত ACCF ৰ দায়বদ্ধতাক প্ৰশংসা জনায়। তেওঁ কয়, “আমি ভৱিষ্যতে সহযোগিতাৰ বাবে আগ্ৰহী আৰু আমাৰ সম্পৰ্ক অধিক দৃঢ় কৰাৰ আশা কৰোঁ।”
ACCF ৰ চীফ অপাৰেটিং অফিচাৰ ডা. (মেজৰ জেনেৰেল) জয় প্ৰকাশ প্ৰসাদে কয়, “এই ভ্ৰমণটো আমাৰ মেডিকেল টুৰিজম উদ্যোগৰ বাবে এটা গুৰুত্বপূর্ণ। এই ভ্ৰমণে ACCF ৰ আঞ্চলিক স্বাস্থ্যসেৱা একীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে আৰু উত্তৰ-পূব ভাৰত তথা পাৰ্শ্বৱৰ্তী দেশসমূহৰ বাবে উন্নত আৰু সুলভ কেঞ্চাৰ চিকিৎসাৰ এক মুখ্য গন্তব্য হিচাপে অসমক প্ৰতিষ্ঠা কৰে। এই আলোচনাত ভূটানৰ কৰ্কট ৰোগী সকলক ভূটানৰ নিচেই ওচৰৰ কৰ্কট কেন্দ্ৰ হিচাপে দৰং কৰ্কট কেন্দ্ৰত চিকিৎসা কৰোৱাৰ সম্বৰ্দ্ধে আলোচনা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us