/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/05fd725d-2a00-4998-8c01-c01f27d9f344/kol.jpg)
ডিজিটেল সংবাদ, দৰংঃ পূব মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাওৰ ১০ নং ওৱাৰ্ডৰ এটি পথে জ্বলা-কলা খুৱাইছে ৰাইজক । পথটোৰ মাজতেই আছে পুখুৰী সদৃশ দ' গাত ।দ'গাতটোৰ কাষতেই উন্মুক্ত অৱস্থাত আছে এটি ট্ৰেন্সফৰমাৰ। জীৱন মৰণক শৰণ দি নিতৌ বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্র-ছাত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9ed33509-08f8-406a-8428-860a461b3f12/081824f1_e065_44c4_879d_7a207014a9d7.jpg)
কেতিয়াবা যদি কলগছৰ ভুৰত, কেতিয়াবা আকৌ অভিভাৱকে কান্ধত তুলি পাৰ কৰে নিজৰ ল'ৰা-ছোৱালীক । কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত পুখুৰী সদৃশ দ' গাতৰ একমাত্ৰ কলগছৰ ভুৰেৰে যাতায়ত কৰে পথচাৰিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/29158416-3485-48c4-b810-4ebc8b5868cd/f172e766_bc33_422e_8260_6068d5028c6b.jpg)
মৰণকো শৰণ দি ভয়ংকৰ বিপদৰ মাজেৰে যাতায়ত কৰিছে ৰাইজে। নিৰ্বাচন আহিলেই উন্নয়নৰ বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে জনপ্ৰতিনিধি সকলে। নিৰ্বাচন পাৰ হলেই পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি। পঞ্চায়ত প্ৰতিনিধি তথা বিধায়ক বসন্ত দাসক বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
Also Read: হেমকোষৰ বিশ্ব অভিলেখৰ বাবে গোলাঘাটত বিপুল সম্বৰ্ধনা জয়ন্ত বৰুৱাক...