দৰঙৰ মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী

বৰ্তমান সময়ত অসমৰ মহিলা সকলে কেৱল বাঁহেৰে নিৰ্মিত নহয় বিভিন্ন ধৰণৰ কৰ্ম সংস্কৃতিৰে নিজকে চিনাকী কৰাই দিয়াৰ লগতে বিশ্ব দৰবাৰত অসমৰ এনেধৰনৰ সম্পদ বিলাক পৰিচয় কৰি দিয়াৰ চেষ্টা কৰিছে।

author-image
Asomiya Pratidin
New Update
 দৰঙৰ মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী

ডিজিটেল সংবাদ, মঙলদৈঃ বৰ্তমান সময়ত অসমৰ মহিলা সকলে কেৱল বাঁহেৰে নিৰ্মিত নহয় বিভিন্ন ধৰণৰ কৰ্ম সংস্কৃতিৰে নিজকে চিনাকী কৰাই দিয়াৰ লগতে বিশ্ব দৰবাৰত অসমৰ এনেধৰনৰ সম্পদ বিলাক পৰিচয় কৰি দিয়াৰ চেষ্টা কৰিছে। দৰঙৰ কেইগৰাকীমান মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী।

Advertisment

বাৰীৰ চুকত পৰি থকা এডাল বাঁহৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি তাকেই প্ৰমাণ কৰিলে মহিলাকেইগৰাকীয়ে। দৰঙৰ কেইগৰাকীমান মহিলাই দেখুৱাইছে কৰ্ম সংস্কৃতিৰ নিদৰ্শন।

 দৰঙৰ মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী

বাঁহেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ উদ্দেশ্যৰে এইসকল মহিলাই দেখিছে সপোন। দৰঙৰ বৰনগাঁও অঞ্চলৰ প্ৰায় ১২ গৰাকী মহিলাই দেখুৱাইছে এক কৰ্ম সংস্কৃতিৰ নিদৰ্শন।

এডাল বাঁহৰ পৰা প্ৰায় ২০ৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত কেনেকৈ উলিয়াব পাৰি তাৰেই শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে মহিলাসকল। বাৰীৰ চুকত থকা বাঁহ গছৰ জৰিয়তে এইসকল মহিলাই নীৰৱে চলাই গৈছে অৰ্থনৈতিক সংগ্ৰাম।

মঙলদৈৰ বৰনগাঁও, ছোটো নগাঁও, পিপিৰাদোকান অঞ্চলৰ মহিলাসকলে বাঁহেৰে নিৰ্মিত কাপ, ব্ৰাছ, চকী, টেবুল, লেম্প, পেইন ষ্টেন,ট্ৰে, বিচনি, চালনি আদিবিভিন্ন ধৰণৰ সামগ্ৰীত ৰং তুলিকাৰে প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে সাজু কৰি তুলিছে।

মঙলদৈ