অন্তৰ্ধান ধূলা আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু

অন্তৰ্ধান ধূলা আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু

ডিজিটেল সংবাদ, মঙলদৈঃ বিতৰ্কই লগ নেৰে দৰঙৰ ধূলা আৰক্ষী থানাক। জব্দ কৰা ২৮ টাকৈ গৰু অন্তৰ্ধান হ'ল থানাৰ পৰা। চোৰাং কৈ সৰবৰাহ কৰাৰ সন্দেহত ধূলা থানাই জব্দ কৰিছিল ২৮ টাকৈ গৰু।

ধূলা আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু বিছাৰি হাবাথুৰি খাইছে গৰু ব্যৱসায়ীয়ে। অকল গৰুৱে নহয় মঙলদৈস্থিত সেই গোঁসালা আৰু গোশালাৰ গৰাকীও বৰ্তমান অন্তৰ্ধান।ক'ত গ'ল এই আৰক্ষীয়ে অধিগ্ৰহণ কৰা ২৮ টাকৈ গৰু আৰু সংৰক্ষণ কৰা গোশালাৰ মালিক?

ঘটনা অনুসৰি যোৱা ২১ নৱেম্বৰৰ নিশা ধূলা আৰক্ষী থানাই জব্দ কৰিছিল এখন ট্ৰাকসহ সন্দেহ যুক্ত ২৮ টাকৈ গৰু।ধূলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ট্টাকসহ গৰু কেইটা।

এতিয়া গৰুৰ গৰাকীৰ মন্তব্য মতে গৰু কেইটা আইনী মতে মঙলদৈৰ নিকতৱৰ্তী ৰঙামাটিৰ এটি গোশালাত ৰখাৰ দায়িত্ব দিছিল।গৰু ব্যৱসায়ী সকলে নিজৰ ক্ৰয় কৰা গৰুৰ বৈধ প্ৰমাণ পত্ৰ লৈ ধুলা আৰক্ষীৰ কাষ চপাৰ পিছত এতিয়া গোশালাত গৰু বিচাৰি নাপাই বিপাঙত পৰে আৰক্ষী আৰু গৰুৰ গৰাকী।

অন্তৰ্ধান ধূলা আৰক্ষীয়ে জব্দ কৰা ২৮ টাকৈ গৰু
প্ৰাক্তন মন্ত্ৰী সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰঃ থানাত উপস্থিত প্ৰৱীণ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in