/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/q7irqomt/10285b97-ec57-4c45-9109-b1e17201e943.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ মঙলদৈত শনিবাৰে কোচ ৰাজবংশী সন্মিলনে যৌথভাৱে দুঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীসমূহ পুৰণৰ বাবে মঙলদৈ ১৫ নং ৰাষ্টীয় ঘাই পথৰ দাঁতিত কৰ্মী তথা সমৰ্থকসকলে ধৰ্ণা কার্যসূচী ৰূপায়ন কৰে।
উক্ত কাৰ্য্যসূচীত কোচ-ৰাজবংশী সম্মিলনী, জিলা যুৱ ছাত্ৰ সম্মিলিনী আৰু মহিলা সম্মিলনীৰ শতাধিক কৰ্মীয়ে অংগ্ৰহণ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজ্যাতি মৰ্যাদা প্ৰদান কৰা, চচলত ভাঙি পেলোৱা সদৌ অসম কোচ ৰাজবংশী সম্মিলনীৰ মুখ্য কাৰ্যালয় "চিলাৰায় ভৱন” নতুনকৈ নিৰ্মানৰ বাবে ভূমি আবন্টন দিয়া, মিছন ভূমিপুত্ৰৰদ্বাৰা অ বি চি প্রমাণ পত্ৰৰ ক্ষেত্ৰত সংঘটিত হোৱা অবাধ দুর্নীতি বন্ধ কৰি সম্মিলনীক চিনাক্তকৰণৰ দ্বায়িত্ব প্ৰদান কৰা আদি দাবী উত্থাপন কৰে সংগঠনকেইটাই।
ইয়াৰ উপৰি বি টি আৰ আৰু ৰাভা হাচং-ট্রাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকক ভূমি অধিকাৰ আৰু সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰা, কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত বাতিল কৰা আদি দাবী উত্থাপন কৰে। সদৌ দৰং কোচ ৰাজবংশী সম্মিলনী, যুৱ ছাত্ৰ সম্মিলনী আৰু মহিলা সম্মিলনীয়ে এই ধর্ণা-কাৰ্যসূচীৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠীটোক কৰি অহা প্রবঞ্চনাক ধিক্কাৰ দিয়ে। সংগঠনকেইটাই কৰা দাবীসমূহ কাৰ্যকৰী নহ’লে; পৰৱৰ্তী নিৰ্বাচনত কোচ ৰাজবংশীসকলে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে।