দৰঙৰ আটাকাটা আৰু কেওঁটপাৰা গাঁৱত বনৰীয়া গাহৰিৰ তাণ্ডৱ...

৭ জনকৈ লোক গুৰুতৰভাৱে আহত

author-image
Asomiya Pratidin
New Update
দৰঙৰ আটাকাটা আৰু কেওঁটপাৰা গাঁৱত বনৰীয়া গাহৰিৰ তাণ্ডৱ...

darrang pig attack

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : দৰঙৰ ধূলা থানাৰ অন্তৰ্গত আটাকাটা আৰু কেওঁটপাৰা গাঁৱত এটা বনৰীয়া গাহৰিয়ে তাণ্ডৱ চলায়। গাঁও দুখনৰ ৭ জনকৈ লোকক বনৰীয়া গাহৰিটোৱে আক্ৰমণ কৰে।

Advertisment

ইতিমধ্যে আক্ৰমণ কৰা ৬ জন লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে জাহাংগিৰ আলি নামৰ লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

আঘাতপ্ৰাপ্ত লোককেইজন হৈছে ফজৰ আলি, ভুটু আলি, মোজামিল হক, আবুল হুছেইন, নৌচাদ আলি আৰু জাহাংগীৰ আলি। ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত বনৰীয়া গাহৰিটো শনিবাৰে দুপৰীয়া কৰায়ত্ত কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব খুজিছিল যদিও খাৰুপেটীয়া পশু চিকিৎসালয়ত গাহৰিটোৰ মৃত্যু হয় ।

assam mangaldoi kharupetiya