/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/darrang.jpg)
ডিজিটেল ডেস্ক : দৰঙৰ কটাহীত নিৰ্মমভাৱে হত্যা কৰিলে ৪২বছৰীয়া পৰেশ চহৰীয়াক ৷ সোমবাৰে ৰাতি ২৬ বছৰীয়া জিতুমনি নাথ নামৰ লোকজনে নিচাসক্ত অৱস্থাত থাকি পৰেশ চহৰীয়াৰ ঘৰত গৈ উৎপাত কৰে, পৰেশ চহৰীয়াই জিতুমণিক ঘৰৰ পৰা ওলাই যাবলৈ কয় যদিও জিতুমণিয়ে পৰেশ চহৰীয়াক ওচৰতে পোৱা চিপৰাঙৰ দ্বাৰা কোবাই হত্যা কৰে ৷
খবৰ পোৱা লগে লগে পাথৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে তদন্ত কৰি ৰাতিৰ ভিতৰতে হত্যাকাৰী জিতুমনি নাথক হাপামাৰাস্থিত জিতুমণিৰ শহুৰৰঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্তু বৈশ্যই তদন্ত আৰম্ভ কৰিছে ৷
দুটি সন্তানৰ দেউতাক পৰেশ চহৰীয়া মৃত্যুৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। অঞ্চল বাসীয়ে জিতুমণি নাথক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ উপৰিও অঞ্চল টিতত নিচাযুক্ত মাদক দ্ৰব্যৰ বিক্ৰী বন্ধ কৰিবলৈও প্ৰশাসনক আহ্বান জনায়।