/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/congress.jpg)
ডিজিটেল ডেস্ক,মঙলদৈ: দৰঙৰ তিনিটা পৌৰসসভাৰ সমষ্টিৰ মঙলদৈ পৌৰ সভা , ছিপাঝাৰ পৌৰ সভা আৰু খাৰুপেটিয়া পৌৰ সভা নিজৰ দখলত ৰখাৰ বাবে কংগ্ৰেছে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান।
মঙলবাৰে জিলা ৰাজীব ভৱনত জিলা খনৰ পৌৰসভাৰ নিৰ্বাচনত মনোনীত প্ৰাৰ্থী সকলৰ লগত জিলা বিষয়-ববীয়াই ৰণনীতি তৈয়াৰ কৰাৰ লগতে প্ৰাৰ্থী সকলক দলৰ ফালৰ পৰা শুভেচ্ছা জনাই। অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা কংগ্ৰেছ সভাপতি কামিনী ডেকা, কাৰ্যকৰী সভাপতি চৰিফুল হক,সম্পাদক কন্দৰ্প কলিতাৰ উপৰিও জিলা কংগ্ৰেছৰ বিষয় ববিয়া আৰু পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থী সকল।
উল্লেখযোগ্য যে আগন্তুক পৌৰ নিৰ্বাচনত মঙলদৈ পৌৰ সভাৰ দহ টা ওৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে ছিপাঝাৰ পৌৰ সভাত তিনিটা ওৱাৰ্ড আৰু খাৰুপেটীয়া পৌৰ সভাত চাৰিটা টা ওৱাৰ্ডত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে আন ওৱাৰ্ড সমুহত কংগ্ৰেছে চিপিএম ,চিপিআই, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক সমৰ্থন কৰিছে ।