দৰং আৰক্ষীৰ বৃহৎ সফলতা , ৩ দিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ অপহৃত কিশোৰী

দৰং আৰক্ষীৰ বৃহৎ সফলতা , ৩ দিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ অপহৃত কিশোৰী

author-image
asomiyapratidin
New Update
দৰং আৰক্ষীৰ বৃহৎ সফলতা , ৩ দিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ অপহৃত কিশোৰী

ডিজিটেল সংবাদ, মঙলদৈ: দৰং আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা । মাত্ৰ তিনিদিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ কৰিলে অপহৃত কিশোৰী ৷দৰং আৰক্ষীয়ে উদ্ধাৰ কৰিলে তামিলনাডুৰ পৰা তিনিগৰাকী নিৰুদিষ্ট কিশোৰী ৷

তামিলনাডুৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ নিৰুদিষ্ট কিশোৰী কেইজনী ৷দলগাওঁ থানাৰ অন্তৰ্গত আমিজুল হ'ক(২৭) আৰু ৰৌতা থানাৰ অন্তৰ্গত বাবু আলি(২৫) নামৰ দুজন সৰ্বৰাহকাৰীয়ে তামিলনাডুলৈ লৈ গৈছিল কিশোৰী কেইজনীক ৷

বাবু আলিক তামিলনাডু আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰে যদিও আনজন আমিজুল হ'ক (পিতা মমতাজ আলি)ক কৰায়ত্ত কৰিব পৰা নাই বৰ্তমানলৈকে আৰক্ষীয়ে ৷

দৰং জিলাৰ পৰা যোৱা আৰক্ষীৰ দলে তামিলনাডুৰ পৰা লৈ আনে এজন সৰ্বৰাহকাৰী বাবু আলি আৰু কিশোৰী তিনিগৰাকীক ৷তামিলনাডুৰ তিৰুভেল্লু জিলাৰ ভেল্লাব'দু থানাৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী কেইজনীৰ লগতে এজন সৰ্বৰাহকাৰী বাবু আলিক ৷

যোৱা১৩ আগষ্টত নিৰুদিষ্ট কিশোৰী তিনিজনীক ১৫ আগষ্টত তামিলনাডুৰ তিৰুভেল্লু জিলাৰ পৰা উদ্ধাৰ কৰে দৰং আৰক্ষীয়ে ৷এক সংবাদ মেল যোগে এই কথা জনায় দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই।

আৰু পঢ়ক: চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপি ৰ স্বাক্ষৰ অভিযান

assam assm police