মুখ্যমন্ত্ৰীলৈ দৰং জিলা সাহিত্য সভাৰ স্মাৰক পত্ৰ

মুখ্যমন্ত্ৰীলৈ দৰং জিলা সাহিত্য সভাৰ স্মাৰক পত্ৰ
Published on
Updated on

ডিজিটেল ডেস্ক : শুকুৰবাৰে অসম ৰাজ্যভাষা আইন ১৯৬০ প্ৰয়োগৰ দাবীত দৰং জিলা সাহিত্য সভাই দৰং জিলা আয়ুক্ত প্ৰৰাগ কুমাৰ কাকতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখন প্ৰদান কৰে জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।

সভাপতিগৰাকীয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক দাবী জনাই যে অসম ৰাজ্যভাষা আইন- ১৯৬০ প্ৰয়োগৰ জৰিয়তে অসমৰ অফিচ-কাছাৰীত অসমীয়া ভাষা ব্যৱহাৰৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহতো বাধ্যতামূলকভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনায়।

স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথৰ লগতে জিলা সাহিত্য সভাৰ উপ সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সম্পাদক বসন্ত শইকীয়া, ধনভড়ালী হৰি চন্দ্ৰ শৰ্মা, সহ সম্পাদকদ্বয় কেশৱ চহৰীয়া, প্ৰবীণ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, জিলা সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক লক্ষী শৰ্মা উপস্থিত থাকে।

মুখ্যমন্ত্ৰীলৈ দৰং জিলা সাহিত্য সভাৰ স্মাৰক পত্ৰ
বিশিষ্ট সাহিত্যিক তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in