/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/dff.png)
ডিজিটেল সংবাদ,মঙলদৈ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰে দৰং কেঞ্চাৰ চিকিৎসালয়ৰ ৷ দৰং প্ৰশাসনৰ উদ্যেগত অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰে দৰং কেঞ্চাৰ চিকিৎসালয়খন ৷
উক্ত শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ,সাংসদ দিলীপ শইকীয়া ,ছিপাঝাৰ ,মংগলদৈ আৰু দলগাৱৰ বিধায়ক ,মীন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস সহ দৰং প্ৰশাসনৰ বিষয়ববীয়া সকল ৷
আজি প্ৰধানমন্ত্ৰীয়ে দৰং কেঞ্চাৰ চিকিৎসালয় খন উদ্বোধন কৰাৰ পিছত কাইলৈ ২৯ এপ্ৰিলৰ পৰা ৰাইজে বহিঃবিভাগৰ চিকিৎসা সেৱাৰ লগতে কেম' সেৱা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
আৰু পঢ়ক: মঙলদৈত তিনি জুৱাৰী আটক…