দৰঙত শিক্ষক দিৱস উদযাপনঃ ৪৭ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতী শিক্ষকৰ সন্মান...

দৰঙত শিক্ষক  দিৱস উদযাপনঃ
৪৭ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতী শিক্ষকৰ সন্মান...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি ৬৩ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে উদ্বোধন কৰা আজিৰ এই শিক্ষক দিৱস অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু বিধায়ক আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিশিষ্ট ব্যক্তিসকলে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

আজিৰ অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাসে শিক্ষকসকলক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে দৰং জিলাখন যিহেতু আকাংক্ষিত জিলা সেয়ে শিক্ষাৰ দিশটো আগুৱাই নিবৰ বাবে শিক্ষকসকলক আহ্বান জনায়। গুনোৎসৱ ব্যৱস্থা চৰকাৰৰ ভাল পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে শিক্ষকসকলৰ প্ৰয়োজনীয় ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। তেওঁ সামাজিক ব্যাধিসমূহ কেনেকৈ আতৰ কৰি সমাজখন সংস্কাৰ কৰিব পাৰি আৰু ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদৰূপে গঢ়িব পাৰি সেই ক্ষেত্ৰত মনোযোগ দিবলৈ শিক্ষকসমাজক আহ্বান জনায়।

সভাত ভাষণ প্ৰদান কৰি মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে সমাজ ব্যৱস্থাত শিক্ষকসকলৰ অৱদান অতুলনীয় বুলি কয়। গুৰু-শিষ্যৰ সম্পৰ্ক কেনেকুৱা হ'ব লাগে তেওঁ একলব্য আৰু দ্ৰোণাচাৰ্যৰ উদাহৰণ দাঙি ধৰে। আজিৰ সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বুদ্ধিন চন্দ্ৰ হাজৰিকাই আজিৰ দিনটো শিক্ষকসকলৰ দিন বুলি অভিহিত কৰি শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ মহান দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ বিষয়ে কয় আৰু তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগে বুলি আলোকপাত কৰে।

সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে আমাৰ সমাজত গুৰু শিষ্যৰ পৰম্পৰা, আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত কয়। তেওঁ শিক্ষকসকলক বৰ্তমান প্ৰযুক্তি বিদ্যাৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়।এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া চেমিনা ইয়াছমিন আৰা ৰহমানে।

অনুষ্ঠানত জিলা খনৰ ৪৭ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জিলা প্ৰশাসনে কৃতী শিক্ষকৰ সন্মান প্ৰদান কৰা শিক্ষক শিক্ষয়িত্ৰী সকল হল- কমল প্রসাদ শর্মা, অধ্যক্ষ, ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়। লক্ষ্যধৰ মহন্ত, ভাৰপ্ৰাপ্ত অধ্যক্ষ, ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। চাহাবুদ্দিন আহমেদ, বিষয় শিক্ষক, পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় । মুকুল বৰুৱা, বিষয় শিক্ষক, গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

ৰবীন্দ্ৰ নাথ ৰামছিয়াৰী, বিষয় শিক্ষক, ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্রতাপ চন্দ্র শর্মা, বিষয় শিক্ষক, দেওমৰনৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল। প্রতুল চহৰীয়া, সহঃ শিক্ষক, চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় । হৰেশ্বৰী বৰুৱা, ভাৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্ৰী, জাপমাৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়। গুণেন্দ্র ডেকা, প্রধান শিক্ষক, সৰু ঔতলা উচ্চ মাধ্যমিক বিদ্যালয়। তপন চন্দ্ৰ চহৰীয়া, প্রধান শিক্ষক, পচকীয়া উচ্চ মাধ্যমিক বিদ্যালয়।

গোলোক চন্দ্র হাজৰিকা, সহঃ শিক্ষক, লেঙেৰীয়াঝাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয় । হানিফ আলি, সহঃ শিক্ষক, ধূলা উচ্চ মাধ্যমিক বিদ্যালয়। পুলক চন্দ্র গোস্বামী, সহঃ শিক্ষক, হালধা উচ্চ মাধ্যমিক বিদ্যালয়। পুতুল শইকীয়া, সহঃ শিক্ষক, দীঘিৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমিনুল হক, সহঃ শিক্ষক, পশ্চিম মঙলদৈ হাই স্কুল।ধ্ৰুৱজ্যোতি বৰুৱা, সহঃ শিক্ষক, পিপিৰাকুচি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়। মঃ আব্দুল হাই, প্রধান শিক্ষক, ঘিলাকুৰি উচ্চ মাধ্যমিক বিদ্যালয়। নির্মালী নাথ, সহঃ শিক্ষয়িত্রী, মঙ্গলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। অতুল চহৰীয়া, সহঃ শিক্ষক, পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

জুলিয়েট ফাতেমা আহমেদ, সহঃ শিক্ষয়িত্রী, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়।দিলীপ কুমাৰ পাল, সহঃ শিক্ষক, খাৰুপেটীয়া টাউন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়।আব্দুল কাচেম, সহঃ শিক্ষক, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। দণ্ডিৰাম নাথ, প্রধান শিক্ষক, চৰণধৰা মধ্য ইংৰাজী বিদ্যালয়। নবীন শর্মা, সহঃ শিক্ষক, লুইতপৰীয়া মধ্য ইংৰাজী বিদ্যালয়। শেখ আব্দুল্লাহ, প্রধান শিক্ষক, ৩ নং শ্যামপুৰ মধ্য ইংৰাজী বিদ্যালয় । বীণা হাজৰিকা, সহঃ শিক্ষয়িত্ৰী, নগৰবাহী কৰিমীয়া মধ্য ইংৰাজী বিদ্যালয়। শয়ন চন্দ্র ডেকা, সহঃ শিক্ষক, ডাঁহী মজলীয়া বিদ্যালয়।জুৰণ চন্দ্ৰ শৰ্মা, সহঃ শিক্ষক, পশ্চিম লোক্রাই মজলীয়া বিদ্যালয় ।

নৱ কুমাৰ কলিতা, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, বানেইকুচি মজলীয়া বিদ্যালয়।কবিতা কুমাৰী বৰডেকা, সহঃ শিক্ষয়িত্ৰী, নিজ গধীয়াপাৰা প্ৰাথমিক বিদ্যালয়। ফাইজুৰ ৰহমান চহৰীয়া, প্রধান শিক্ষক, মোল্লাপাৰা প্রাথমিক বিদ্যালয়।ৰীণা বৰুৱা দাস, প্রধান শিক্ষয়িত্ৰী, খাছ বৰক'লা প্রাথমিক বিদ্যালয়। মুকুট চন্দ্ৰ বৰুৱা, প্রধান শিক্ষক, উত্তৰ বৰমপুৰ প্ৰাথমিক বিদ্যালয়। বাবুল দাস, প্রধান শিক্ষক, বাঘপৰি মানৱ সম্পদ প্রাথমিক বিদ্যালয়। অনিতা ডেকা, সহঃ শিক্ষয়িত্রী, নিউ টাউন প্রাথমিক বিদ্যালয়। ৰমিলা দাস, প্রধান শিক্ষয়িত্রী, একচেলীয়া প্রাথমিক বিদ্যালয়। মহেন্দ্র নাথ, প্রধান শিক্ষক, ১৪৮ নং ৰাজাপুখুৰী প্ৰাথমিক বিদ্যালয়।

ভবেন ৰাজবংশী, প্রধান শিক্ষক, ৪৯৮ নং বড়িগাঁও প্রাথমিক বিদ্যালয়। কাঞ্চন-হাজৰিকা, সহঃ শিক্ষয়িত্ৰী, মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয় । জেহেৰুল ইচলাম, প্রধান শিক্ষক, ২ নং কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়। আকবৰ আলী, প্রধান শিক্ষক, বৰঘূলি প্রাথমিক বিদ্যালয়। নজৰুল হক চৌধুৰী, প্রধান শিক্ষক, গদাইঝাৰ প্ৰাথমিক বিদ্যালয়। আবু চায়েদ, প্রধান শিক্ষক, নিজ মাজগাঁও প্রাথমিক বিদ্যালয়।ধৰিত্ৰী বড়া, সহঃ শিক্ষয়িত্রী, ১ নং শিয়ালমাৰী প্ৰাথমিক বিদ্যালয়। আফ্রোজা ইয়াচমিন, প্রধান শিক্ষয়িত্রী, ২ নং চিকনমাটি প্রাথমিক বিদ্যালয়। ইব্রাহিম আলী, ভাৰপ্ৰাপ্ত প্রধান শিক্ষক, দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়।ধকমান শ্রেষ্ঠ, সহঃ শিক্ষক, বাঘেচৰ প্ৰাথমিক বিদ্যালয়। সভাত জিলা খনৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যানুৰাগী ব্যক্তি, বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in