দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী…

দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী…

author-image
asomiyapratidin
New Update
দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী…

ডিজিটেল সংবাদ,দৰং:বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী অনুষ্ঠান অনুষ্ঠিত হয় ৷সোণালী জয়ন্তীৰ শুভাৰম্ভনী হিচাপে পুৱা ৮-৫৫বজাত সাহিত্য সভাৰ ৫০ খন পতাকা উত্তোলন কৰে জিলাখনৰ প্ৰাক্তন সভাপতি , প্ৰাক্তন উপ সভাপতি,প্ৰাক্তন সম্পাদক, তথা জিলাখনৰ ৫০গৰাকী বিশিষ্ট ব্যক্তিয়ে ৷

Advertisment

মঙলদৈ সাহিত্য পৰিষদ ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত দৰং জিলা সাহিত্য সভা নামেৰে পৰিচয় লাভ কৰিছিল।শুভাৰম্ভনী অনুস্থানৰ মুকলি সভাত সভাপতিত্ব কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি বৰদা শইকীয়াই। সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকলৰ লগতে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী উপস্থিত থাকে ৷

বছৰযোৰা সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুস্থানত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে প্ৰাক্তন সভাপতি ড° নগেন্দ্ৰ নাথ শৰ্মাই । অনুস্থানত জিলা সাহিত্য সভাই প্ৰকাশ কৰা দহখনতকৈও অধিক গ্ৰন্থ উন্মোচন কৰা হয়৷ অনুস্থানৰ লগত সংগতি ৰাখি জিলাখনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত জিলা খনৰ পৰা স্থান লাভ কৰা ৭ জন কৃৰ্তিমানক সম্বৰ্ধনা জনাই ৷

আৰু পঢ়ক:প্ৰথমটো বছৰতে গৰুখুটি প্ৰকল্পৰ আয় ১ কোটি ১১ লাখ ৫০ হাজাৰ ২৬৮ টকা

darang assam