/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mangaldoi-2-1.jpg)
ডিজিটেল সংবাদ, দৰং : দেওবাৰে হ'বলগীয়া চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন ৷ দৰং জিলাত ৩৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব বাচনি পৰীক্ষা ৷ জিলাখনত ৪ ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা ৷
ৰাজ্য চৰকাৰে ঘোষণা কৰা ২৬ হাজাৰ পদৰ বিপৰীতে অনুষ্ঠিত হ'ব এই পৰীক্ষা ৷ দৰং জিলাত মুঠ ৩৭টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা ৷ জিলা প্ৰশাসনে পৰীক্ষা কেন্দ্ৰৰ ১০০ বৰ্গ মিটাৰ ব্যাসাৰ্ধত জাৰি কৰিছে ১৪৪ ধাৰা আৰু পৰীক্ষাৰ সময়ত ৪ ঘণ্টা বাবে বন্ধ ৰাখিব ইণ্টাৰনেট সেৱা ৷
পৰীক্ষাৰ্থী সকলে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী লগত নিব নোৱাৰিব ৷ এই কথা জনালে দৰং জিলা আৰক্ষী অধিক্ষক প্ৰশান্ত শইকীয়াই ৷