দৰং জিলাৰ প্ৰায় ৪০০ জোৱান আৰু বিষয়া ৫৩ গৰাকী সাজু নিযুক্তি পৰীক্ষালৈ…

দৰং জিলাৰ প্ৰায় ৪০০ জোৱান আৰু বিষয়া ৫৩ গৰাকী সাজু নিযুক্তি পৰীক্ষালৈ…

author-image
asomiyapratidin
New Update
দৰং জিলাৰ প্ৰায় ৪০০ জোৱান আৰু বিষয়া ৫৩ গৰাকী সাজু নিযুক্তি পৰীক্ষালৈ…

ডিজিটেল সংবাদ, মঙলদৈ : অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষালৈ সাজু দৰং জিলা প্ৰশাসন। দৰং জিলাত মুঠ ৫৩ কেন্দ্ৰত হ'ব এই লিখিত পৰীক্ষা ৷ জিলা খনৰ প্ৰায় ৪০০ আৰক্ষী জোৱান আৰু আৰক্ষী বিষয়া ৫৩ গৰাকী সাজু নিযুক্তি পৰীক্ষালৈ ৷

Advertisment

অসম চৰকাৰে দেশৰ সৰ্ববৃহৎ নিযুক্তিৰ বাবে অনুস্থিত কৰা লিখিত পৰীক্ষাত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় তাৰবাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ মঙলদৈ আৰক্ষী চাউনিত দৰং আৰক্ষী অধিক্ষক প্ৰশান্ত শইকীয়াই জোৱান সকলক সুচাৰুৰূপে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনালে ৷

assam himanta biswa sarma bjp Assam police