মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি ৰুণা বৰাৰ গৃহত উপস্থিত দৰঙৰ উপায়ুক্ত...

বাসগৃহত উপস্থিত হৈ বুজ ললে ঘৰুৱা সমস্যাৰ

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি ৰুণা বৰাৰ গৃহত উপস্থিত দৰঙৰ উপায়ুক্ত...

ডিজিটেল সংবাদ, মঙলদৈ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰবিবাৰে মঙলদৈ স্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰিবলৈ অহাৰ সময়ত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ বিশেষ ভাৱে সক্ষম ছাত্ৰী ৰুনা বৰাই সভাস্থলীতে মুখ্যমন্ত্ৰীক এটা বাসগৃহৰ বাবে অনুৰোধ জনাইছিল।

Advertisment

মুখ্যমন্ত্ৰী গৰাকীয়ে ৰুনা বৰাৰ অনুৰোধ মৰ্মে দৰং জিলাৰ উপায়ুক্তক এটি বাসগৃহৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

সোমবাৰে সেইমৰ্মে গেৰিমাৰী গাওত থকা ৰুনা বৰাৰ ঘৰলৈ দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই গাওঁ পঞ্চায়তৰ সচিব, সভাপতি আৰু জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তাৰ সৈতে উপস্থিত হৈ বাসগৃহটি নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ।

ইয়াৰোপৰি ৰুনা বৰাই যিহেতু দৈনিক চাৰিৰ পৰা পাচশ টকাৰ ঔষধ সেৱন কৰিব লগাৰ বিষয়টো স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়াই উপায়ুক্তই । লগতে ৰুনা বিশেষভাৱে সক্ষম হোৱাৰ হেতুকে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পাব লগীয়া সা-সুবিধা সমূহ লাভ কৰিছে নে নাই তাকো জিলা সমাজ কল্যাণ বিভাগৰ সৈতে আলোচনা কৰি তাৎক্ষণিকভাৱে তদন্ত কৰে।

উল্লেখ্য যে, ৰুনা বৰা বিশেষভাৱে সক্ষম যদিও সংগীত আৰু চিত্ৰকলাৰ প্ৰতি আছে ধাউতি ।

assam darang