কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দৰঙত পৰীক্ষা অনুষ্ঠিত…

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দৰঙত পৰীক্ষা অনুষ্ঠিত…

author-image
asomiyapratidin
New Update
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দৰঙত পৰীক্ষা অনুষ্ঠিত…

ডিজিটেল সংবাদ, মঙলদৈ : কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দেওবাৰে দৰঙত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। দৰং জিলাৰ মুঠ ৩৭ টা কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় বাচনি পৰীক্ষা। পুৱাৰ ভাগৰে পৰা ইণ্টাৰনেট সেৱা উপলব্ধ হোৱা নাই জিলাখনত। পৰীক্ষা কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা। দ্বিতীয় ভাগত ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। এইক্ষেত্ৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। দেওবাৰে চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৪,৪৩,৬৫৫ গৰাকী পৰীক্ষাৰ্থী।

assam himanta biswa sarma bjp Assam police