ডেন মাল্টিপাৰপাজ এগ্রীকালচাৰ প্ৰডিউচ্চাৰৰ উদ্যোগত  বয়ন শিল্পৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ...

ডেন মাল্টিপাৰপাজ এগ্রীকালচাৰ প্ৰডিউচ্চাৰৰ উদ্যোগত  বয়ন শিল্পৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ...

author-image
Asomiya Pratidin
New Update
ডেন মাল্টিপাৰপাজ এগ্রীকালচাৰ প্ৰডিউচ্চাৰৰ উদ্যোগত  বয়ন শিল্পৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ...

DHOKUAKHANA DHOKUAKHANA

ডিজিটেল সংবাদ ঢকুৱাখনা: অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন  চমুকৈ "এপাৰ্ট"ৰ অন্তৰ্গত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ- বয়ন আঁচনিৰ অধীনত বুধবাৰে ঢকুৱাখনাত এক এমহীয়া বোৱা কটা প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰা হয় । ঢকুৱাখনা নগৰৰ হস্ত তাঁত আৰু বস্ত্ৰ শিল্প প্ৰশিক্ষন কেন্দ্ৰ  প্ৰাংগণত "ডেন মাল্টিপাৰপাজ এগ্রীকাল্চাৰ প্ৰডিউচ্চাৰ কোম্পানী"ৰ উদ্যোগত অনুষ্ঠিত এই  ৩০ দিনীয়া প্ৰশিক্ষণত শিবিৰত মহকুমাটোৰ ২০ গৰাকী নিৰ্বাচিত পুৰুষ আৰু মহিলা বয়ন শিল্পীয়ে অংশগ্ৰহণ কৰে। 

Advertisment

হস্ত তাঁত আৰু বস্ত্ৰ শিল্পৰ লখিমপুৰ জিলা সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ৰ সহযোগিতাত সম্পন্ন হবলগীয়া এই বয়ন শিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বে এক সভা অনুষ্ঠিত হয় কাৰ্যালয় গৃহত । সভাত "এপাৰ্ট"ৰ হস্ত তাঁত বিভাগৰ কাৰিকৰী বিষয়া দিবাকৰ চৌধুৰীয়ে "এপাৰ্ট"ৰ বহুমুখী প্ৰকল্পৰ বৈশিষ্ট্য ,কৰ্মপ্ৰণালী ,মহিলা স্বাৱলম্বীকৰণ সন্দৰ্ভত বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়াই বস্ত্ৰ শিল্পৰ সামূহিক উত্তৰণ আৰু বিকাশৰ লক্ষ্যৰে শিপিনীসকলে অভিজ্ঞ দক্ষ প্ৰশিক্ষকৰ জৰিয়তে প্ৰদান কৰা এই এমহীয়া উচ্চ আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰচুৰ পৰিমাণে লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

ঢকুৱাখনা হস্ত তাঁত আৰু বস্ত্ৰ শিল্প কেন্দ্ৰৰ পৰিদর্শক মীৰা কোঁচ, পৰিদর্শক নিৰঞ্জন তালুকদাৰ ,ডেন মাল্টিপাৰপাজ এগ্রীকাল্চাৰ প্ৰডিউচ্চাৰ কোম্পানীৰ পৰিচালনা সঞ্চালক শৈলেন দত্ত,বৰ্ড অফ ডাইৰেক্টৰচৰ সুভাষ দিহিঙীয়া,মুখ্য কাৰ্যবাহী বিষয়া সাগৰ প্ৰসাদ দিহিঙীয়া, একাউটেণ্ট মৃদু পৱন পাতিৰ আদি উপস্থিত থাকে ।

assam DHOKUAKHANA