/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-06/v7eokdh1/ookk.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান উদ্ধাৰৰ লগত জড়িত ধৰ্মগুৰু দামোদৰ দেৱ আতাৰ আজি ৩৬১ সংখ্যক তিৰোভাৱ তিথি। আজিৰ এই তিৰোভাৱ তিথিৰ বিশেষ দিনটোত তেখেতৰ প্ৰথম খন কাল্পনিক প্ৰতিছবি উন্মোচন কৰা হয়। ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰৰ শিশু শিল্পী অংকিত গোস্বামীয়ে মানসপটত সজীৱ কৰি ছবি খন সুন্দৰকৈ অংকন কৰিছে।
দামোদৰদেৱ আতাৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত নৰোৱা কুজি সত্ৰত পৰম্পৰাগত নাম কীৰ্তনৰ লগতে এখনি সভা অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰে উন্মোচন কৰে এই ছবিখন। নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটি খোল তাল, ডবা নেগেৰাৰ মংগল ধ্বনিৰ মাজেৰে উন্মোচন কৰা হয় প্ৰতিচ্ছৱি খনি।
অনুষ্ঠানটিত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৄ সকল উপস্থিত থাকে। উল্লেখ্য যে, ৰঞ্জন কুমাৰ গোস্বামী, চাৰু গোস্বামীৰ পুত্ৰ অংকিত গোস্বামী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ।