দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মণ্ডলৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মণ্ডলৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

author-image
Asomiya Pratidin
New Update
দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মণ্ডলৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

ডিজিটেল সংবাদ, মিৰ্জাঃ অসম কলেজ শিক্ষক সংস্থাৰ কামৰূপ মণ্ডলৰ বাৰ্ষিক অধিবেশনখন মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ মণ্ডলৰ সভাপতি ডঃ অচ্যুতানন্দ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ উদ্দেশ্য ব্যাখ্যা কৰে মণ্ডলৰ সম্পাদক ডঃ ধ্ৰুৱজ্যোতি গগৈয়ে।

Advertisment

আদৰণি ভাষণ ৰাখে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাসে। বিশেষ ভাষণ ৰাখে কামৰূপ মণ্ডলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডঃ হজৰত আলীয়ে। ইয়াৰ পিছতে মণ্ডলৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ প্ৰতিনিধি সকলে তেওঁলোকৰ বক্তব্য প্ৰদান কৰে।

সভাত সদৌ অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ডঃ জয়ন্ত বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন ৰখাৰ লগতে শিক্ষকসকলৰ বিভিন্ন প্ৰশ্ৰৰো উত্তৰ দিয়ে।এই অধিৱেশনতে মণ্ডলৰ আগন্তুক কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ সমিতি গঠন কৰাৰ বাবে বিষয় বাছনি সভা অনুষ্ঠিত হয়।

উক্ত বিষয় বাছনি সভাত সভাপতি গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বন্দনা শৰ্মা,উপ সভাপতি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক কমলেশ্বৰ বৰা, সাধাৰণ সম্পাদক ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকা, কোষাধ্যক্ষ ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক যোগেন বড়ো,সহকাৰী সম্পাদক বকো জে এন কলেজৰ অধ্যাপক জিতু ৰাজবংশী, সহকাৰী সম্পাদক (মহিলা) দমদমা মহাবিদ্যালয়ৰ অধ্যাপক দীক্ষিতা বুঢ়াগোহাঁই,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দক্ষিণ কামৰূপ মহাবিদ্যালৰ অধ্যাপক ধ্ৰুৱজ্যোতি গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক (মহিলা) ডঃ বৰ্ণালী ডেকা নিৰ্বাচিত হয়। এই অধিৱেশনত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অধ্যাপক মানস মজুমদাৰ আৰু অধ্যাপক ৰাতুল পাঠক।

Also Read: কন্দলীত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণত আহত দুজনক পুনৰ চিকিৎসালয়ত ভৰ্তি