এদিনৰ বাবে মুকলি হোৱা দুগ্ধ প্ৰণালীকৰণ প্ৰকল্পটো...

এদিনৰ বাবে মুকলি হোৱা দুগ্ধ প্ৰণালীকৰণ প্ৰকল্পটো...

ডিজিটেল ডেস্ক : ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এদিনৰ বাবে মুকলি কৰি কাৰ্যক্ষম কৰা হৈছিল এটি দুগ্ধ প্ৰণালীকৰণ প্ৰকল্প । বঙাইগাওঁৰ উত্তৰ শালমাৰাত অৱস্থিত এই দুগ্ধ প্ৰণালীকৰণ প্ৰকল্পটো । বৰ্তমান চৰকাৰী ধনৰ অভাৱত বন্ধ হৈ থকা এই প্ৰকল্পটো মুকলি কৰিছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যাৰ বাবে উপযুক্ত বজাৰৰ অভাৱত ভূগিছে ৩ হাজাৰৰো অধিক গো পালকে ।

উল্লেখ্য যে, ২০২১ বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিছিল প্ৰকল্পটো । ঠিক মুকলি কৰা দিনটোতেই কাৰ্যক্ষম হোৱা প্ৰকল্পটোৱে তাৰ পাছৰে পৰাই ধনৰ অভাৱত কৰিব পৰা নাই উৎপাদন ।

১৬ ফেব্ৰুৱাৰীত প্ৰকল্পটিত গাখীৰ পৰা ক্ৰীম, পনীৰ আদি সকলো সামগ্ৰী প্ৰস্তুত কৰি দেখুওৱা হৈছিল ৰাইজক । প্ৰায় ৮ বছৰ ধৰি প্ৰকল্পটি নিৰ্মাণ কৰাৰ পাছত ২০২১ চনত বঙাইগাওঁ জিলাৰ ২৭ টা সমবায়ৰ অধীনত প্ৰায় ৩ হাজাৰ গো-পালকৰ স্বপ্ন আছিল এই দু্গ্ধ প্ৰণালীকৰণ প্ৰকল্পটি । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকল্পটিৰ পৰা উৎপাদন হ'ব লগীয়া দুগ্ধক 'লখিমী' নামেৰে বজাৰলৈ মুকলি কৰি দিয়াৰ কথাও ঘোষণা কৰিছিল উক্ত দিনটোতেই ।

এতিয়া প্ৰশ্ন হয়, এই প্ৰকল্পটি দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ বাবে দায়ী কোন ? অসম চৰকাৰৰ হাতত পৰ্যাপ্ত পূঁজিৰ অভাৱ নে অৱহেলা প্ৰকল্পটিৰ প্ৰতি ? যদি পূঁজিৰ অভাৱ তেন্তে মুকলিৰ পূৰ্বেই প্ৰকল্পটি সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হোৱা নাছিল নেকি আবন্টিত ধনৰ বাবে ? আনহাতে যদি অৱহেলা তেন্তে প্ৰকল্পটি নিৰ্মাণৰ নামত এই বৃহৎ সংখ্যক ধন অপচয় কৰাৰ প্ৰয়োজন আছিল নে ?

নিতৌ নতুন সমস্যাত ভাৰাক্ৰান্ত অসমৰ বাবে এনে ঘটনা চিৰ পৰিচিত । এতিয়া যেন প্ৰশাসনৰ অৱহেলাৰ সৈতে অভ্যস্ত হৈ পৰিছে জন সাধাৰণ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in