নগাঁৱৰ এজন দুৰ্ভগীয়া লোকৰ কৰুণ জীৱন গাঁথা

ৰাজপথৰ দাঁতিত পৰি থকা দুৰ্ঘটনাত পতিত এখন বিধ্বস্ত বাহনেই শেষ আশ্ৰয়
নগাঁৱৰ এজন দুৰ্ভগীয়া লোকৰ কৰুণ জীৱন গাঁথা

ডিজিটেল সংবাদ, নগাঁও : জীৱন জীৱন বৰ অনুপম। কিন্তু কাৰোবাৰ বাবে যেন এই জীৱন হৈ পৰে অতি বিষময়। যন্ত্ৰনাময় জীৱনত প্ৰতি পলে পলে পান কৰিব লাগে দুখ আৰু যন্ত্ৰনাৰ গৰল। তেনে এজন দুৰ্ভগীয়া ব্যক্তি হৈছে ৰুবুল। নগাঁও চহৰৰ মাজেৰে যোৱা পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৰুগুৰি চাৰিআলিৰ পথৰ দাঁতিত ৰখাই থোৱা দুৰ্ঘটনাত পতিত এখন বিধ্বস্ত পচিবলৈ ধৰা বাহনেই আজি যাৰ শেষ আশ্ৰয় হৈ পৰিছে । উৎকট গৰম,ম'হ,দাহ,পোক -পৰুৱাৰ আক্ৰমণকো উপেক্ষা কৰি সেই পৰিত্যক্ত বাহন খনকেই নিজৰ আশ্ৰয়স্থল হিচাপে কেইবা মাহ ধৰি ব্যৱহাৰ কৰি আহিছে লোক জনে।

সদাব্যস্ত এই পথৰে চহৰখনলৈ প্ৰতি দিনে অহা যোৱা কৰে লাখ লাখ লোক। কিন্তু সকলোৰে চকুৰ আগতে এজোপা গছৰ তলত থকা বিশেষ গাড়ী খনলৈ কোনেও দৃষ্টি নিক্ষেপ নকৰে । এই বিশেষ গাড়ী খনতে ৰুবুল নামৰ লোকজনে জীৱন নিৰ্বাহ কৰে। দিনৰ দিনটো হোটেলে হোটেলে খুজি মাগি কিবা এটা খাই নিশা এই গাড়ীখনতে ভাগৰুৱা শৰীৰটোক বিশ্ৰাম কৰিবলৈ এৰি দিয়ে ৰুবুলে।

কিন্তু আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে ৰুবুলৰ আছিল এখন সুখৰ সংসাৰ। হেণ্ডিমেনৰ জীৱিকাৰে পত্নী আৰু দুটি কনমানিৰ সৈতে এখন সুখ স্বাচ্ছন্দ্য সংসাৰ চলাইছিল তেওঁ। কিন্তু তেওঁৰ সেই সংসাৰ খনলৈ হঠাৎ নামি আহিল অমানিশা। এটা দুৰ্ঘটনাত বাঁওভৰি আঘাটপ্ৰাপ্ত হোৱা ৰুবুলে এটি এটিকৈ সংসাৰৰ সকলো হেৰুৱাই আজি বাটৰ মগনীয়া।

নিজৰ কষ্টোপাৰ্জিত ধনেৰে সুখৰ সংসাৰৰ সপোন দেখা ৰুবুলক প্ৰয়োজন অকনমান সহায়ৰ। ভঙা ভৰি খন ভাল কৰিব পাৰিলে পুনৰ গাড়ীত উঠি ৰুবুলে কব, "দাদা তেজপুৰ ,তেজপুৰ । ভিতৰলৈ যাওক ভিতৰত বহিব পাৰিব। ছীট খালী আছে।"

নগাঁৱৰ এজন দুৰ্ভগীয়া লোকৰ কৰুণ জীৱন গাঁথা
ঘোষণা কৰা হ'ল চি বি এচ ই ব'ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in