ডিজিটেল সংবাদ, পাঠশালা: পাঠশালাৰ কেন্দুগুৰীত দিন ডকাইটি। মহিলাৰ হাতৰ পৰা থপিয়াই নিলে এক লাখ টকা । পাঠশালা ষ্টেট বেংকৰ পৰা উলিয়াই নিছিল ধনখিনি।
নিজৰ স্কুটিৰ পৰা ধন লৈ ব্যৱসায়ী প্ৰতিষ্ঠানত সোমাব লওতে পালচাৰ বাইকত অহা দুজন যুৱকে মহিলা গৰাকীৰ হাতৰ পৰা কাঢি লৈ উধাও হয় বাইক সহ যুৱক দুজন।
মহিলা গৰাকী বজালীৰ কুমৰেখোৱাৰ মাধবী কাকতি ।ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীৰ কাষ চাপিছে মহিলা গৰাকী।